প্ৰেমৰ প্ৰস্তাৱ
মৃদুলা বৰুৱা, তেজপুৰ
বগা কাগজত
নীলা নীলা আখৰেৰে
বহু বাৰ পঠালোঁ
তোমালৈ প্ৰেমৰ প্ৰস্তাৱ।
পিছে মোৰ ওঠেৰে নিগৰা
মিঠা মিঠা শব্দৰ এপিয়লা মদিৰা
তুমি পান কৰিব নোখোজা।
কি কৰো কোৱা
ভাল পাওঁ তোমাৰ
কাজল সনা দুচকু,
জানা তোমাক দেখা দিনাৰ পৰাই
চতুৰ টোপনিয়েও মোক ঠগিছে
শিলৰ দৰে নিথৰ হৈ পৰিছে।
বন্ধুবোৰে কয়
“বাদ দে না, তাইতকৈ ভাল পাবি”
পিছে মোৰ অভিমানি মনটোক আকৌ
তোমাক হে লাগে।
ঐ….
তুমি হৈ যোৱানা
মোৰ বাবে কোনো দিনেই
পাহৰিব নোৱাৰা এটি কবিতা,
মানি লোৱানা
বগা কাগজত
নীলা আখৰেৰে লিখা
মোৰ প্ৰেমৰ প্ৰস্তাৱ।