চাহ: কেৱল এবিধ পানীয় নহয়
নিবেদিতা হাজৰিকা
লখিমপুৰ
চাহ মূলত: এবিধ সুগন্ধিযুক্ত আৰু স্বাদ বিশিষ্ট পানীয়।চাহৰ লগত আমাৰ বহুতৰে এক আত্মীয়তা ক’ব নোৱাৰাকৈয়ে গঢ় লৈ উঠে।টোপনিৰ পৰা উঠিয়ে একাপ চাহ খোৱাৰ অভ্যাস আমাৰ হয়তো বহুতৰে আছে।পুৱা ঘৰখনৰ প্ৰতিজন সদস্যই যেতিয়া একেলগে বহি একাপ চাহ পান কৰে ,তেতিয়া ই মাথো একাপ চাহ হৈ নাথাকে।সেই চাহ কাপ হাতত লৈয়ে আৰম্ভ হয় দিনটোৰ কাৰ্যসূচীৰ পৰিকল্পনা।চাহত চুমুক দিয়াৰ মাজতে কামৰ পৰিকল্পনা কৰা হয় আৰু সন্ধিয়াৰ অন্তত তুলি ধৰা বা তুলি দিয়া চাহ কাপৰ লগে-লগে আলোচনা, পৰ্যালোচনা হয় দিনটোত পৰিকল্পনা কৰা মতে কাম সমূহ কৰা হ’লনে নাই সেই বিষয়ে ।এনে ক্ষেত্ৰত চাহকাপ হৈ পৰে ঘৰ এখনৰ উন্নতিৰ মাধ্যম স্বৰূপ ।
একাপ সাধাৰণ যেন লগা চাহ একাপো সময়ত হৈ পৰে অমূল্য।একাপ চাহ কেৱল একাপ চাহ নহয়, ই এক আবেগ, এক স্মৃতি, এক কথোপকথনৰ মাধ্যম।হাতত লৈ থকা চাহ কাপে কিমান যে কি কৰিব পাৰে? একাপ চাহৰ জৰিয়তে বন্ধুৰ সৈতে হাঁহি-ধেমালি কৰি সময় খিনি জিপাল কৰি তুলিব পাৰি, উপভোগ্য কৰি তুলিব পাৰি।নিজৰ চিন্তা বা নিজৰ পৃথিৱীখনৰ সৈতে একাত্ম হ’ব পাৰি কেৱল মাত্ৰ একাপ চাহৰ জৰিয়তে। বন্ধুৰ সংগত তথা চাহৰ চুমুকত আড্ডাৰ বিষয় হৈ পৰে গভীৰৰ পৰা গভীৰ আৰু অধিক মনোগ্ৰাহী, মননশীল।একোটা আড্ডা প্ৰাণ পাই উঠিবলৈ চাহকাপ হৈ পৰে কেতিয়াবা মূখ্য চৰিত্ৰ। ভাগৰুৱা ,অৱসাদগ্ৰস্ত মনটো পূৰ্বৰ দৰে সতেজ-সজীৱ কৰি তোলাৰ ক্ষেত্ৰত একাপ চাহৰ ভূমিকা অনন্য।চাহৰ কাপতো হাতত লৈ সৃষ্টিশীল কৰ্মত মগ্ন হ’ব পাৰি, আত্মমগ্ন হ’ব পাৰি ,ডুব যাব পাৰি চিন্তাৰ সাগৰত।সঁচা ,একাপ সাধাৰণ চাহৰো যে কিমান মহিমা! এক আবেগ, স্মৃতিৰে সংপৃক্ত হৈ থকা চাহ কাপ কাপে বহু সময়ত মূখ্য চৰিত্ৰৰ ভূমিকা পালন কৰাৰ দৰে সংযোজিত তথা উন্নতিৰ মাধ্যম হিচাপেও ভূমিকা পালন কৰে। বহুতৰ বাবে চাহ এক এৰিব নোৱাৰা নিচা। শেষ আশ্ৰয় চাহ একাপ। এনে ভিন্ন গুণ সম্পন্ন চাহ একাপে আমাক যে আভ্যন্তৰীণ ভাৱে কিমান তৃপ্ত কৰি ৰাখে সেই কথা হয়তো বহু সময়ত অনুভৱেই কৰা নহয়।