মোৰ শেষ প্ৰেম
মিতালি বৰঠাকুৰ,
মালিগাওঁ ( আদৰ্শ কলনী )
তোমাৰ প্ৰেমত নপৰো বুলি ভাবিলেও
প্ৰতি প’লে হাত বাউলী মাতে
তোমাৰ কাষলৈ ।
তোমাক সাৱটি নলওঁ বুলি ভাবিলেও
দুহাত মেলি কাষলৈ মাতা ,
হাজাৰ প্ৰয়াস কৰিও আঁতৰি থাকিব নোৱাৰোঁ
তোমাৰ আলিংগনৰ পৰা ।
কিয়নো তুমি জীৱনৰ অন্তিম প্ৰেম
মৃত্যু —-
মোৰ শেষ প্ৰেম।