“শিক্ষক দিৱস” উপলক্ষে এটি সমীক্ষা – নাছিৰ আহমেদ

“শিক্ষক দিৱস” উপলক্ষে এটি সমীক্ষা 

নাছিৰ আহমেদ, শিমলাবাৰী গোৱালপাৰা

 শিক্ষক দিৱস উপলক্ষে আমাৰ দেশত ঢাক ঢোল বজাই কৃতি শিক্ষক সকলক সম্বৰ্ধনা জনোৱা হ’ব।

(তাতো আকৌ ৰাজনীতি কৰণৰ মাজেদি ) যেতিয়া আদৰ্শৱান, নিষ্ঠা সহকাৰে শিক্ষাদান কৰা শিক্ষক এগৰাকীক বা শিক্ষয়িত্ৰী এগৰাকীক কৃতি শিক্ষক  হিচাপে সম্বৰ্ধনা পায়, তেতিয়া আনন্দত আমাৰ বুকু ফুলি উঠে।

কিন্তু, যেতিয়া আমি দেখিবলৈ পাওঁ– দিনটোৰ বেছি ভাগ সময় এগৰাকী শিক্ষকে অফিচে অফিচে টহল দি ফুৰা, মন্ত্ৰী, এম এল এ ৰ পদূলি শুঙা, লেজ ধৰি ঘূৰা, পাৰ্টিৰ মিটিঙত লেকচাৰৰ বখলা মেলা , বিদ্যালয়ত মাজে মাজে ভূমুকি মৰা  শিক্ষক গৰাকীয়ে ৰাজ্যিক বা ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰে, তেতিয়া এইবোৰ ভেকোঁভাওনা যেন নেলাগে নে ?

যি কি নহওঁক,বছৰত এবাৰ শিক্ষকক সম্বৰ্ধনা জনোৱাৰ বাহিৰে শিক্ষক সকলৰ বাবে চৰকাৰেনো এনে কি এতিয়ালৈকে  অভিলাষী আঁচনি গ্ৰহণ কৰিছে বাৰু? ২০০৫ চনৰ পিছত নিযুক্তি পোৱা শিক্ষক সকলৰ” নতুন পেন্সন আঁচনি “য়ে তেওঁলোকৰ ভৱিষ্যত অনিশ্চিত কৰি তুলিছে ।  তাৰ আগৰ শিক্ষক সকলেও অৱসৰ কালীন ধন আদি সংগ্ৰহ কৰোঁতে ৰঙা ফিটাৰ মেৰপেঁচত পৰি যথেষ্ট হাৰাশাস্তি ভূগিব লগা হয়। দুৰ্ঘটনাগ্ৰস্ত কোনো শিক্ষক আহত বা নিহত হ’লে তৎক্ষণাৎ কোনো ধৰণৰ আৰ্থিক সাহায্য  চৰকাৰী ভাৱে আগবঢ়োৱা দেখা নাযায়। শিক্ষক সকলৰ পৰিয়ালৰ বাবে খাদ্য, বস্ত্ৰ, শিক্ষা, স্বাস্থ্য আৰু বাসস্থানৰ বাবে কোনো ব্যৱস্থা এতিয়া লৈকে চৰকাৰে লোৱা নাই ।শিক্ষকৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ-কন্যা  বা  পত্নীয়ে শিক্ষিত হোৱা সত্ত্বেও খুব কমেই চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হয়। নিজ হাতে গঢ়া বহু বিদ্যালয়ৰ শিক্ষক বা শিক্ষয়িত্ৰীয়ে বিনা দৰমহাৰে অৱসৰ গ্ৰহণ কৰাৰ কথা চিন্তনীয় বিষয়। এনেকি ঋণৰ দুৰ্বিসহ  বোজা সহিব নোৱাৰি বহুত শিক্ষকে আত্মহত্যাৰ পথ বাচি লব লগা হৈছে এইখন অসম মুলুকত । তেওঁলোকৰ পৰিয়ালৰ কথা ভৱা মানুহতো নায়েই ।

অথচ,শিক্ষক সকলৰ ওপৰত কঠোৰভাৱে নিয়ম নীতি বৰ্তমান পৰিৱৰ্তন শীল চৰকাৰে বান্ধি দিছে । প্ৰতি মুহূৰ্তে সতী সীতাই নিজৰ সতীত্ব প্ৰমাণ দিবৰ বাবে অগ্নি পৰীক্ষাত উত্তীৰ্ণ হ’ব লগা হৈছিল, তথাপিও প্ৰজাৰ সন্দেহ দূৰ কৰিব নোৱাৰি ৰজা ৰামে সীতাক দণ্ডকাৰণ্যত বনবাস দিয়াৰ দৰে শিক্ষক সকলকো বিভিন্ন আপাদকালীন পৰিস্থিতিৰ লগত খাপ খোৱাকৈ অন লাইন, অফ লাইন শিক্ষাদান কৰাৰ বাবে বৰ্তমান ৰাজ্যৰ শিক্ষা বিভাগে নানা ধৰণৰ কঠোৰতম নিয়ম বাধ্যতামূলক কৰি আছে।

অৱশ্যে, কিছুমান তথাকথিত নামধাৰী শিক্ষকে এই  পৰিস্থিতিৰ পূৰ্ণ সুযোগ লৈ নানা ধৰণৰ  কুকৰ্মত যেনে মদ,ভাং, ড্ৰাগচ সেৱন, ব্যৱসায় , নাৰী সৰবৰাহ, এনেকি ফুল কুমলীয়া ছাত্ৰীক ধৰ্ষণ , দুৰ্নীতি আদিত লিপ্ত হোৱা দেখা গৈছে। ধিক! এইধৰণৰ শিক্ষকৰ মানসিকতাক !

অৱশ্যে এগৰাকী আদৰ্শ শিক্ষক বিভিন্ন গুণৰ দ্বাৰা বিভূষিত হৈ শ্ৰেণীকোঠাত তেওঁলোকৰ ফলপ্ৰসূতা আৰু ছাত্ৰ-ছাত্ৰীৰ জীৱনত ইয়াৰ প্ৰভাৱত অৰিহণা যোগায়। এগৰাকী আদৰ্শ শিক্ষকৰ গুৰুত্বপূৰ্ণ গুণসমূহ তলত উল্লেখ কৰা হ’ল।

শিক্ষক হ’ল তেনে এজন ব্যক্তি, যি গৰাকীয়ে জ্ঞান বিতৰণ কৰি ছাত্ৰ-ছাত্ৰীক জীৱন গঢ়াত সহায় কৰে, তেওঁলোকৰ সৰ্বাঙ্গীন বিকাশত সহায় কৰে। তেওঁলোকক কেৱল পাঠ্যপুথিৰ আধাৰত জ্ঞান দান নকৰে,বৰং নিয়মানুৱৰ্তিতা আৰু শৃংখলাও শিকায় আৰু ভৱিষ্যৎ জীৱন সৰ্বাঙ্গ-সুন্দৰ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

শিক্ষকসকলে নিজৰ জ্ঞান আৰু দক্ষতাৰে ছাত্ৰ-ছাত্ৰীৰ মনত জ্ঞানৰ পোহৰ বিলাই দিয়ে। তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ কঠিন সময়ত সহায় কৰি সঠিক পথে পৰিচালিত কৰে।শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক ডাঙৰ সপোন দেখুৱাই সেই সপোন পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ উৎসাহিত কৰে। তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষাও দিয়ে।

শিক্ষকসকল শিক্ষাৰ্থীৰ বাবে আদৰ্শস্বৰূপ হয় আৰু তেওঁলোকক শিক্ষকসকলৰ শ্ৰেষ্ঠ সংস্কৰণ হ’বলৈ অনুপ্ৰাণিত কৰে। শিক্ষকসকলে সাক্ষৰতা আৰু সংখ্যা, কাৰুকাৰ্য্য বা বৃত্তিমুলক প্ৰশিক্ষণ,কৰা, কৃষ্টি,সংস্কৃতি, সাহিত্য,ধৰ্ম, নীতিশিক্ষা, সমাজ বিদ্যা, অৰ্থনীতি, নাগৰিকত্ব, সম্প্ৰদায়ৰ ভূমিকা, জীৱন দক্ষতাৰ নিৰ্দেশনা দিয়ে।

আনুষ্ঠানিক পাঠদান কামসমূহৰ ভিতৰত আছে চুক্তিবদ্ধ পাঠ্যক্ৰম অনুসৰি পাঠ প্ৰস্তুত কৰা, পাঠদান কৰা, আৰু ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতিৰ মূল্যায়ন কৰে।

এগৰাকী আদৰ্শ শিক্ষকৰ পেছাদাৰী কৰ্তব্য আনুষ্ঠানিক পাঠদানৰ বাহিৰলৈও বিস্তৃত হৈ পৰে। শ্ৰেণীকোঠাৰ বাহিৰত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ক্ষেত্ৰ ভ্ৰমণত যায়, অধ্যয়ন হলসমূহৰ তদাৰক কৰে, বিদ্যালয়ৰ অনুষ্ঠানসমূহৰ আয়োজনত সহযোগিতা আগবঢ়ায় আৰু পাঠ্যক্ৰমৰ বহিৰ্ভূত কাম-কাজৰ বাবে তত্বাৱধায়ক হিচাপে কাম কৰে। ছাত্ৰ-ছাত্ৰীক কোনো ক্ষতি হোৱা কামৰ পৰা ৰক্ষা কৰাৰ বাবে আইনী কৰ্তব্যও পালন কৰে। যেনে – গুণ্ডাগিৰি, যৌন নিৰ্যাতন,বৰ্ণবাদ বা যি কোনো পৰিস্থিতিতে হোৱা হিংসাত্মক ঘটনা বা ক্ষতিৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক মুক্ত ৰাখিবলৈ শিক্ষা-ব্যৱস্থাত শিক্ষকসকলে কঠোৰ অনুশাসন মানি চলে। ইয়াৰ উপৰিও, শিক্ষকসকলে চৰকাৰী নীতি-নিৰ্দেশনা মানি চলি বিভিন্ন বিভাগীয় কৰ্তৃপক্ষই নিযুক্তি দিয়া অনুসৰি বিভিন্ন দায়িত্ব সুচাৰুৰূপে পালন কৰা দেখা যায়।

যেনে, লোকপিয়লৰ কাম, ভোটাৰ তালিকা নিৰ্ধাৰণ, সংশোধন আৰু ভোটগ্ৰহণ, অৰ্থনৈতিক গণনাৰ কাম আৰু বিভিন্ন চৰকাৰী কাৰ্য্যসূচী।

মুঠতে, শিক্ষকসকল মানৱৰ গঢ় দিওতা,সমাজ আৰু সভ্যতাৰ স্ৰষ্টা আৰু জাতিৰ দিগ্ নিৰ্ণায়ক। আগৰ যুগত শিক্ষকসকলক পণ্ডিত বুলি সন্মান যাঁচিছিল। আৰু আগৰ যুগত আমাৰ

দেশ ভাৰতবৰ্ষত  পণ্ডিত সকলক মাটি -ভেটি, সোণৰ মোহৰ, সা-সম্পত্তি,যান বাহন, গৃহ নিৰ্মাণ কৰি সম্পূৰ্ণ ভাৱে নিৰাপত্তা দান কৰিছিল ।

বৰ্তমান যুগতো , শিক্ষা আৰু উন্নয়নৰ ক্ষেত্ৰত শিক্ষকসকলৰ অসামান্য অৱদানৰ স্বীকৃতি হিচাপে ইউনেস্কোৰ পৰামৰ্শক্ৰমে ১৯৯৫ চনৰ পৰা প্ৰতি বছৰে বিশ্বব্যাপী ৫ অক্টোবৰত বিশ্ব শিক্ষক দিৱস ( World Teachers’ Day” উদযাপন কৰি আহিছে। এতিয়ালৈকে বিশ্বৰ এশখন দেশে এই বিশ্ব শিক্ষক দিৱস উদযাপন কৰি আহিছে। এই দিৱসটি পালনত এডুকেশ্বন ইন্টাৰনেছনেল (Education International) আৰু তাৰ সহযোগী ৪০১ টি সদস্য সংগঠনৰ মূল ভূমিকা পালন কৰে। এই দিৱসটি উপলক্ষে এডুকেশ্বন ইন্টাৰনেছনেলে প্ৰতি বছৰ এটি প্ৰতিপাদ্য বিষয় (Thyme) নিৰ্ধাৰণ কৰে ; যাৰ দ্বাৰা জনসচেতনতা বৃদ্ধিৰ লগে লগে শিক্ষকতা বৃত্তিৰ অৱদানক স্মৰণ কৰাই দিয়ে।

আমাৰ ভাৰতবৰ্ষত প্ৰতি বছৰে স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ও দ্বিতীয় ৰাষ্ট্ৰপতি শ্ৰেষ্ঠ দাৰ্শনিক ও শিক্ষাবিদ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটিক ( ১৮৮৮ খৃষ্টাব্দৰ ৫ চেপ্তেম্বৰ) অৰ্থাৎ ৫ চেপ্তেম্বৰ তাৰিখে শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ বাবে ” শিক্ষক দিৱস” উদযাপন কৰা হয়। উক্ত দিনা শিক্ষকসকলৰ পৰা বাচনি কৰি শ্ৰেষ্ঠ শিক্ষকসকলক চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজ্যিক বা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হয়। তাৰ উপৰিও সকলো শিক্ষককে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয় আৰু শিক্ষানুষ্ঠানসমূহ বা অন্যান্য অনুষ্ঠান আটকধুনীয়া সাজেৰে সজ্জিত কৰি শিক্ষক দিৱস উদযাপন কৰা হয়।

কিন্তু,বৰ্তমান চৰকাৰে প্ৰত্যেক বছৰ ৫ই চেপ্তেম্বৰ দিনা ডঃ সৰ্ব্বপল্লী ৰাধা কৃষ্ণণক সন্মান প্ৰদৰ্শন কৰি শিক্ষক সমাজক সম্বৰ্ধনা জনালেই নহ’ব   ; শিক্ষক সকলক সম্পূৰ্ণ নিৰাপত্তা দান কৰি তেওঁলোকৰ শাৰীৰিক, মানসিক, বুদ্ধিমত্তাৰ বিকাশৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে চৰকাৰে আগবাঢ়ি আহিব লাগিব । তেতিয়াহে আমি শিক্ষক সকলৰ পৰা দ্বিতীয় এজন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ,ডঃ জাকিৰ হুছেইন আদি মহা পণ্ডিত, দাৰ্শনিক লাভ কৰিব পাৰিম।