‘প্ৰান্তিক’ আলোচনীৰ বিশেষ লেখা ভিত্তিক মতামত প্ৰতিযোগিতাৰ ফলাফল
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- ‘প্ৰান্তিক’আলোচনীৰ ১–১৫ ছেপ্টেম্বৰ, ২০২৫ সংখ্যাত প্ৰকাশ হোৱা ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘অভিযন্তাৰ পৰা কেৰিয়াৰ পৰামৰ্শদাতালৈ যাত্ৰা: কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ’ শীৰ্ষক লেখাটোৰ ওপৰত ভিত্তি কৰি অনুষ্ঠিত অনলাইন মতামত প্ৰতিযোগিতাখনৰ ফলাফল ঘোষণা কৰা হৈছে। এই প্ৰতিযোগিতাখনত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীসকল হ’ল – কৃষ্ণালীনা কলিতা ,নৱনীতা গগৈ, পুষ্পাঞ্জলি ডেকা, বৰিস্মিতা ফুকন, ভবেন গগৈ, জয়শ্ৰী শইকীয়া, বিপুল শৰ্মা, শতাব্দী শৰ্মা, দাদুল ভূঞা আৰু শেৱালী ভণিতা চৌধুৰী । পুৰস্কাৰ লাভকাৰী সকলে তেওঁলোকৰ জি-পে নম্বৰ (G-Pay Number) বা বেংক একাউণ্ট নম্বৰৰ সবিশেষ ৱাটছএপ নম্বৰ ৯৪৩৫১৮৮৬৩০-ত জনাবলৈ ড° বুলজিৎ বুঢ়াগোহাঁয়ে আহ্বান জনাইছে।