জালুকবাৰীত চাৰি কুকুৰ চোৰক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা কুকুৰ চুৰি কৰি আহিছিল এটা অসাধু-চক্রই। ৬ মাহ ধৰি জালুকবাৰী, গো-শালা, মালিগাঁও, পাণ্ডুকে ধৰি বিভিন্ন স্থানৰ পৰা কুকুৰ চুৰি কৰিছিল এই চক্রটোৱে। চিচি টিভিৰ কেমেৰাত বন্দী হোৱা কুকুৰ চুৰিৰ দৃশ্যৰ ভিত্তিত ৰাইজে জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে পাণ্ডুর টেম্পল ঘাটত অভিযান চলাই চাৰিটা কুকুৰ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত চোৰকেইটা জেকইষ্টন চাংমা, বানে চাংমা বিনাৰচান টেৰাং আৰু স্মল চাংমা। ধৃত চোৰকেইটাৰ পৰা এএছ-০২ এটি-৬৬৬৪ নম্বৰৰ এখন বাহন জব্দ কৰে। ধৃত চোৰকেইটা ব্রিটেনিয়া বিস্কুট খুৱাই কুকুৰ চুৰি কৰি আহিছিল। বৃহস্পতিবাৰে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে কয় যে, আমি নিজাববীয়াকৈ গোচৰ ৰুজু কৰিম। তেওঁলোকক আদালতত হাজিৰ কৰোৱাৰ পাছতে জিম্মাত লোৱা হ’ব। তেওঁলোকক সোধা-পোছা কৰাৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব। তেওঁলোকৰ লগত কোন কোন জড়িত আছে সেই তথ্য উলিয়াবৰ চেষ্টা কৰা হ’ব বুলিও কয় আৰক্ষী বিষয়া গৰাকীয়ে।