বন্ধুক হত্যা কৰি পেলাই দিলে বশিষ্ঠ নদীত
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে । বন্ধুৰ হাতত মৃত্যু হ’ল বন্ধুৰ । মহানগৰীৰ গড়চুকৰ বাথৌপুৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। মৃত লোকজন দক্ষিণ শালমাৰাৰ ৰিয়াজ আলী। পেছাত ৰাজমিস্ত্রী হিচাপে কৰ্মৰত ৰিয়াজ আলীক তেওঁৰে ঘনিষ্ঠ বন্ধু ৰফিকুল ইছলামে হত্যা কৰি পৰৱৰ্তী সময়ত মৃতদেহ বশিষ্ঠ নৈত উটুৱাই দিয়ে। আৰক্ষী সূত্ৰই সদৰী কৰা মতে, কিছুমাহ পূর্বে গুৱাহাটীলৈ অহা ৰিয়াজ আলীয়ে বিভিন্ন ঠাইত ঠিকাদাৰ হিচাপে কাম কৰা ৰফিকুল ইছলামৰ সৈতে একেলগে গড়চুকত ভাৰাঘৰত আছিল। মহানগৰীৰ বিভিন্ন ঠাইত চলি থকা নির্মাণকাৰ্যত ঠিকাদাৰ হিচাপে কাম কৰা ৰফিকুল ইছলামে ৰাজমিস্ত্রী হিচাপে নিয়োগ কৰিছিল ৰিয়াজ আলীক। দীর্ঘ সময় ধৰি দুয়োজনে কাম কৰাৰ পাছত কালি নিশাৰ পৰা হঠাত নিৰুদ্দেশ হৈ পৰে ৰিয়াজ আলী। বাৰম্বাৰ পৰিয়ালে যোগাযোগ কৰিও কোনো তথ্য লাভনকৰাত এই সন্দৰ্ভত গড়চুক আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ৰিয়াজ আলীৰ সৈতে একেলগে থকা ৰফিকুল ইছলামক জেৰা চলোৱাত সমগ্ৰ তথ্য পোহৰলৈ আহে। জানিব পৰা মতে, নৃশংসভাৱে ৰিজায় আলীক হত্যা কৰাৰ পাছত ৰফিকুল ইছলামে মৃতদেহটো এখন বস্তাৰ ভিতৰত সুমুৱাই বশিষ্ঠ নৈত উটুৱাই দিয়ে। কিন্তু আৰক্ষীয়ে চলোৱা জেৰাত প্ৰথমাৱস্থাত ৰফিকুল ইছলামে সতীর্থ ৰিয়াজ আলীয়ে আত্মহত্যা কৰিছিল বুলি মন্তব্য কৰি ভয়তে বস্তাত ভৰাই পেলাই দিয়া বুলি আৰক্ষীক বিভ্রান্ত কৰি আহিছিল। কিন্তু আৰক্ষীৰ মাৰাথন জেৰাত ৰফিকুলে ৰিয়াজক হত্যা কৰি বস্তাত বান্ধি বশিষ্ঠ নদীত পেলাই দিয়াৰ কথা স্বীকাৰ কৰে। আৰক্ষীয়ে এছডিআৰএফৰ সহযোগত বশিষ্ঠ নৈত ৰিয়াজৰ মৃতদেহ বিচাৰি অভিযান চলায় যদিও মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই।