এনআইআৰএফ ৰেংকিঙত নৱম স্থান গুৱাহাটী বিশ্ববিদ্যালয়ৰ

এনআইআৰএফ ৰেংকিঙত নৱম স্থান গুৱাহাটী বিশ্ববিদ্যালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনলৈ পুনৰ সুখবৰ কঢ়িয়াই আনিছে। দেশৰ শ্ৰেষ্ঠ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ে নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে। নতুন দিল্লীত কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে চলিত বৰ্ষৰ বাবে মুকলি কৰা নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্রেমৱৰ্ক (এনআইআৰএফ)ৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ে এই সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে। দেশৰ শীৰ্ষ ১০খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ে নৱম স্থান লাভ কৰিছে। এই তালিকাত শীর্ষস্থানত আছে কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়। আনহাতে চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ে দ্বিতীয়, চণ্ডীগড়ৰ পাঞ্জাব বিশ্ববিদ্যালয়ে তৃতীয়, বিশাখাপটনমৰ অন্ধ্র বিশ্ববিদ্যালয়ে চতুর্থ, তিৰুৱন্তপুৰমৰ কেৰালা বিশ্ববিদ্যালয়ে পঞ্চম, কোচিনৰ কোচিন বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে ষষ্ঠ, হায়দৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়ে সপ্তম, শ্রীনগৰৰ কাশ্মীৰ বিশ্ববিদ্যালয়ে অষ্টম আৰু কইম্বাটুৰৰ ভাৰতীয়াৰ বিশ্ববিদ্যালয়ে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।আনহাতে এনআইআৰএফৰ অভিযান্ত্রিক শাখাত শ্রেষ্ঠ ১০খন প্ৰতিষ্ঠানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীস্থিত ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আইআইটি)-এ। এই শাখাত প্রতিষ্ঠানখনে অষ্টম স্থান লাভ কৰিছে। আনহাতে অভিযান্ত্রিক শাখাত মাদ্রাজ আইআইটিয়ে প্রথম, দিল্লী আইআইটিয়ে দ্বিতীয়, বম্বে আইআইটিয়ে তৃতীয়, কানপুৰ আইআইটিয়ে চতুর্থ, খড়গপুৰ আইআইটিয়ে পঞ্চম, ৰুৰকীৰ আইআইটিয়ে ষষ্ঠ, হায়দৰাবাদৰ আইআইটিয়ে সপ্তম, তিৰুচিৰপল্লী এনআইটিয়ে নৱম আৰু বাৰাণসীৰ আইআইটিয়ে দশম স্থান লাভ কৰিছে।উল্লেখ্য যে একেৰাহে সপ্তম বছৰৰ বাবে সামগ্রিকভাৱে সকলো শাখাত প্রথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আইআইটি মাদ্রাজে। একেখন প্রতিষ্ঠানে অভিযান্ত্রিক শাখাত একেৰাহে ১০ বছৰৰ বাবে এইবাৰো শীর্ষস্থান দখল কৰিছে। সেইদৰে একেৰাহে দশম বৰ্ষৰ বাবে বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্রতিষ্ঠানে শীর্ষ বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে। আইআইএম আহমেদাবাদেও মেনেজমেন্ট শাখাত একেৰাহে ষষ্ঠ বছৰৰ বাবে শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে। ২০১৮ বৰ্ষৰ পৰা চলিত বর্ষলৈকে একেৰাহে অষ্টম বৰ্ষৰ বাবে চিকিৎসা বিজ্ঞান শাখাত শীর্ষস্থান লাভ কৰিছে নতুন দিল্লীস্থিত এইমছে। দেশৰ শ্ৰেষ্ঠ ১০খন কলেজৰ ভিতৰত সৰ্বশ্রেষ্ঠ কলেজ হিচাপে স্বীকৃতি লাভ কৰিছে হিন্দু কলেজে। আইন শাখাত বেংগালুৰুস্থিত নেচনেল ল’ স্কুল অৱ ইণ্ডিয়া ইউনিভাৰ্ছিটায়ে একেৰাহে অষ্টম বৰ্ষৰ বাবে শীর্ষস্থান দখল কৰিছে। কৃষি আৰু সংলগ্ন খণ্ডত নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠানে একেৰাহে শীর্ষস্থান আৰু মুক্ত বিশ্ববিদ্যালয় শাখাত নতুন দিল্লীস্থিত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে শীর্ষস্থান লাভ কৰিছে। উদ্ভাৱনী শাখাত ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, মাদ্রাজে শ্রেষ্ঠত্ব অর্জন কৰিছে। এই উপলক্ষে নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয় যে এনআইআৰএফ ২০২৫-এ আমাৰ প্ৰতিষ্ঠানসমূহৰ শক্তি আৰু শিক্ষাৰ্থীসকলৰ প্ৰতি দিয়া প্রতিশ্রুতি প্রদৰ্শন কৰিছে।