ডিব্ৰুগড়ত আগন্তুক শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ প্ৰস্তুতি আৰু আয়োজন সন্দৰ্ভত আলোচনা সভা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আগন্তুক ২০২৫ বৰ্ষৰ দুৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি আৰু আয়োজন সন্দৰ্ভত জিলাখনৰ সকলো দুৰ্গাপূজা কমিটিৰ বিষয়ববীয়াৰ সৈতে এখনি বৈঠক অনুষ্ঠিত হয়। বৈঠকত পূজা উদযাপনৰ সময়ত সৰ্বসাধাৰণ ৰাইজৰ সুৰক্ষা, যানবাহনৰ নিয়মাৱলী, পূজা মণ্ডপ সমূহৰ নিৰাপত্তা, পোহৰৰ ব্যৱস্থা, প্ৰতিমা বিসৰ্জন আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। সভাৰ আৰম্ভণিতে বিগত বর্ষৰ কাৰ্যবিৱৰণীখন অতিৰিক্ত আয়ুক্ত তথা নাহৰকটীয়া সমজিলা আয়ুক্ত বিৰাজ বৰুৱাই পাঠ কৰে। দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কিছু নিয়মাৱলী জাৰি কৰিছে। সেই অনুসৰি পূজা কমিটি সমূহে জিলা প্ৰশাসনৰ পৰা আগতীয়াকৈ প্ৰয়োজনীয় অনুমতি লোৱাৰ লগতে সংশ্লিষ্ট বিভাগৰ পৰাও আপত্তি বিহীন প্ৰমাণপত্ৰসমূহ সংগ্রহ কৰিব লাগিব। প্ৰতিটো পূজা মণ্ডপত চি চি টিভি লগোৱাটো বাধ্যতামূলক । অগ্নি নিৰ্বাপনৰ সামগ্ৰী পূজা মণ্ডপত ৰাখিব লাগিব। প্ৰতিটো পূজা মণ্ডপত ৰাইজৰ বাবে বিশুদ্ধ খোৱাপানীৰ সুব্যৱস্থা কৰিব লাগিব।মণ্ডপসমূহত পুৰুষ আৰু মহিলাৰ বাবে প্ৰৱেশ আৰু প্ৰস্থানৰ পৃথক পৃথক ব্যৱস্থা কৰিব লাগিব। পূজা কমিটিসমূহে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু পৰ্যাপ্ত ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগিব। পূজা মণ্ডপ নিৰ্মাণৰ সময়ত ৰাজহুৱা সম্পত্তিৰ ক্ষয় ক্ষতি কৰিব নোৱাৰিব। পূজা মণ্ডপৰ চাৰিওফালে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিব লাগিব। পূজা কমিটিসমূহে পৰ্য্যাপ্ত পৰিমাণৰ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব আৰু স্বেচ্ছাসেৱক সকলৰ নাম সমূহ পুলিচ ভেৰিফিকেচনৰ বাবে তেওঁলোকৰ নিকটৱৰ্তী আৰক্ষী থানাত আগতীয়াকৈ জমা দিব লাগিব ।দেৱীৰ প্ৰতিমাসমূহ প্ৰকৃতিৰ অনুকূল সামগ্রীৰে নিৰ্মিত হব লাগিব। নিশাৰ ভাগত দুৰ্গা পূজাস্থলীৰ যাৱতীয় সুৰক্ষাৰ ক্ষেত্ৰত পূজা কমিতিসমূহে ব্যৱস্থা লব লাগিব। পূজা কমিটিসমূহে পূজা মণ্ডপৰ ওচৰে পাজৰে মাদক দ্ৰব্য ব্যৱহাৰৰ ওপৰত চোকা নজৰ ৰাখিব লাগিব। পূজা উপলক্ষে কোনো ধৰ্মীয় সমদল উলিয়াব লগা হ’লে, তাৰ বাবে আগতীয়াকৈ জিলা প্ৰশাসনৰ অনুমতি লব লাগিব। জৰুৰীকালীন ফোন নম্বৰ সমূহ ভক্তগণৰ সুবিধাৰ্থে পূজা মণ্ডপত সকলোৱে দেখাকৈ প্ৰদৰ্শিত কৰি ৰাখিব লাগিব। প্ৰতিমা বিসৰ্জন স্থলীত সীমিত সংখ্যক লোকেহে অংশগ্ৰহণ কৰিব পাৰিব। অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱাই জিলাখনত শান্তি -শৃংখলা বজাই ৰাখি আগন্তুক দুৰ্গাপূজা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাত সকলোৰে সহায় -সহযোগিতা আন্তৰিকতাৰে কামনা কৰে। এই বৈঠকত ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত জয় বিকাশ, ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্বল ফুকন, অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষ, ডিব্ৰুগড় পূব ৰাজহচক্ৰৰ চক্ৰ বিষয়া সমুজ্জল বৰা, নিৰ্বাচনী বিষয়া প্ৰাঞ্জীল গগৈ, সহকাৰী আয়ুক্ত সুৰভী শ্ৰীৱাস্তবা প্ৰমুখ্যে আৰক্ষী তথা জিলা প্ৰশাসনৰ অন্যান্য বিষয়ববীয়া, আৰক্ষীৰ যান-বাহন শাখা, অগ্নিনিৰ্বাপক বাহিনী, বিদ্যুৎ বিভাগ , লোকনিৰ্মান (পথ) আৰু লোকনিৰ্মাণ (গৃহ) বিভাগ, জলসম্পদ বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ বিষয়াসকল, আৰু পূজা কমিটিসমূহৰ সভাপতি, সম্পাদক আৰু সদস্য সকল উপস্থিত থাকে।