বৰ্তমান প্ৰেক্ষাপটত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী – আয়শা ছিদ্দিকা

শিক্ষক দিৱসৰ শুভেচ্ছাৰে

বৰ্তমান প্ৰেক্ষাপটত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী

আয়শা ছিদ্দিকা (আছৰি)
‌‌বাংলিপাৰা, বৰপেটা 

আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা চৰিত্ৰৰ ভিতৰত এটা হ’ল শিক্ষক। যাৰ অৱদান, পৰিশ্ৰম, ত্যাগৰ ফলাফল প্ৰতিজন শিক্ষাৰ্থীৰ উজ্জ্বল ভৱিষ্যত কিংবা পৰিপূৰ্ণ জীৱন। সেই কাৰণেই চাগে সকলোতকৈ সন্মানজনক, মৰ্যদাপূৰ্ণ কাম শিক্ষকতা বুলি সকলোয়ে কয়। যাক শিক্ষিত-অশিক্ষিত, নেতা, কৰ্মী, ধনী-দুখীয়া সকলো শ্ৰেণীৰ মানুহে ভাষা, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সন্মান আৰু শ্ৰদ্ধা কৰা দেখা যায়। শিক্ষকেই দক্ষ কাৰিগৰ হৈ প্ৰতিজন শিক্ষাৰ্থীক আকৃতি দি, তেওঁলোকৰ মনুষ্যত্ব আৰু জ্ঞানৰ ভঁৰাল সমৃদ্ধ কৰাৰ প্ৰচেষ্টা চলায়। শিক্ষাবৃত্তিটো মাথোঁ বৃত্তি নহয়, সঁচা অৰ্থত ই এক কঠিন তপস্যা। ধ্যানৰ ব্যাঘাত ঘটিলেই জ্ঞানৰ ভঁৰালত প্ৰভাৱ পৰে।

কিন্তু বৰ্তমান সময়ত যেন শিক্ষকৰ সেই মৰ্যদা ক্ষুন্ন হৈছে। ছাত্ৰই গুৰু নামানে দীক্ষা নুবুজে, সন্মান নিদিয়া হৈছে। সামাজিক মূল্যবোধৰ অপসৰণ, যান্ত্ৰিক সভ্যতাৰ প্ৰভাৱ, পৰিয়ালৰ পৰা পোৱা মূল্যবোধৰ অভাৱ আদি নানান কাৰণে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজৰ সম্পৰ্কত এক গভীৰ ফাট মেলিছে। আগত শিক্ষকসকল আছিল জ্ঞান আৰু নৈতিকতাৰ প্ৰদীপ, কিন্তু বৰ্তমান তেওঁলোকক কেৱল পাঠ্যপুথিৰ জ্ঞান প্ৰদানকাৰী হিচাপেহে চিনাক্ত কৰা হৈছে। ফলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শ্ৰদ্ধা আৰু সন্মানৰ ভাৱনা হ্ৰাস পাইছে।আনহাতে, আজিকালি শিক্ষাক কেন্দ্ৰ কৰি উঠি অহা কিছুমান দুৰ্নীতিমূলক, ভয়াৱহ ঘটনাই এই সম্পৰ্কটোলৈ এক গভীৰ আঘাত সনিছে।

বাতৰিৰ কিংবা কাকতত যেতিয়া পঢ়িব লাগে অমুক বিদ্যালয়ৰ শিক্ষক এজনে অমুক শ্ৰেণীৰ ছাত্ৰী এজনীক ধৰ্ষণ। এনে নিত্য-নতুন ধৰ্ষণৰ ঘটনাৰ দৰে বীভৎস ঘটনাবোৰে সমাজত এক ধৰণৰ আতংকৰ সৃষ্টি কৰে। পিতৃ-মাতৃয়ে সন্তানক স্কুললৈ পঠিয়াওঁতে মনত এটা আশংকা, এটা ভয় সোমাই থাকে।

 প্ৰশ্ন উদয় হয়  মনত”গুৰুৰ ওচৰত সন্তান সম্পূৰ্ণৰূপে সুৰক্ষিত নেকি?”

এই প্রশ্নই পিতৃ-মাতৃক অস্থিৰ কৰি তোলে। যি ব্যক্তিৰ ওচৰত আমি আমাৰ দেশৰ ভৱিষ্যত গঢ়িব বুলি পঠিয়াই দিওঁ তাৰ পৰাই যেতিয়া এনে নৃশংসতাৰ সন্মুখীন হ’ব লগীয়া হয়, তেতিয়া বিশ্বাসৰ ভেটি দোমোজাৰ ওপৰত থিয় হোৱা আস্থাৰ স্তম্ভটোৱে হাউলি পৰে। এইবোৰ কেইটামান বিচ্ছিন্ন ঘটনা হ’লেও ইয়াৰ প্ৰভাৱ ধ্বংসাত্মক। ই শিক্ষক সমাজৰ প্ৰতি সামগ্ৰিকভাবে থকা বিশ্বাসক আঘাতনিক্ষেপ কৰে, আৰু সৎ, নিষ্ঠাবান, কৰ্তব্যপৰায়ণ শিক্ষক শিক্ষিকাসকলো এই সন্দেহৰ চকুৰে চোৱাৰ অৱস্থা এটাৰ সৃষ্টি কৰে।

সেয়েহে, বৰ্তমান পৰিস্থিতিত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ সম্পৰ্কটো সংযত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। শিক্ষকসকলে  পাঠ্যপুথিৰ জ্ঞানৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ পথপ্ৰদৰ্শক হিচাপে কাম কৰিব পাৰে, তাৰ বাবে এখন অনুকূল আৰু সকৰ্মক পৰিৱেশ সৃষ্টি কৰাটো অতি প্ৰয়োজন। শিক্ষানুষ্ঠানসমূহত কঠোৰ নীতিমালা, নৈতিকতাৰ প্ৰশিক্ষণ, কৰ্মৰাজিৰ প্ৰতি পাৰদৰ্শিতা আৰু দ্ৰুত ন্যায়িক ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজন যাতে কোনো শিক্ষাৰ্থীয়েই নিজকে অসুৰক্ষিত অনুভৱ নকৰে।শিক্ষকতাৰ সুযোগ লৈ অপকৰ্ম কৰা দোষীসকলক উপযুক্ত দণ্ডৰ ব্যৱস্থা কৰা উচিত।

 ছাত্ৰ-ছাত্ৰীসকলকও শিকাই দিব লাগিব যে, জীৱনৰ সফলতাৰ মূল নৈতিকতা, শ্ৰদ্ধা আৰু সহযোগিতাৰ দৰে গুণসমূহ, যিবোৰ মাত্ৰ এজন গুৰুৱেহে শিকাব পাৰে।

শিক্ষক-ছাত্ৰৰ মাজৰ এই পৱিত্ৰ সম্পৰ্কটো ৰক্ষা কৰি সমাজখনক আগুৱাই নিবলৈ হ’লে প্ৰত্যেকৰে ব্যক্তিগত প্রচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অত্যন্ত প্রয়োজন। কিয়নো “গুৰুৰ পদূলিৰ  মন শাঁত  কৰা বতাহেই, ছাত্ৰৰ জীৱনত অনাগত সফলতাৰ বীজ কঢ়িয়াই আনে।”

শিক্ষক সমাজৰ এজন দুজন বেয়া বুলি আমি গোটেই সমাজৰ অৱদানক নুই কৰিব নোৱাৰি। যিটো সূচী আৰু পৱিত্ৰ যদিও কিছুমান শিক্ষিত অজ্ঞানীয়ে ইয়াক অসূচী কৰাত ব্যস্ত। এই কিছু সংখ্যকক আওকান কৰি বাকী বিশাল সংখ্যক আমি তাৰ প্ৰাপ্য সম্মান শ্ৰদ্ধা দি যাব লাহে।

ৰাধা কৃষ্ণ দেৱক স্মৰণ কৰি সমগ্র শিক্ষকসমাজলৈ এই পৱিত্ৰক্ষণত শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

তুমি সেই মহান শলিতা যিয়ে
আমাৰ সুবিধাৰ্থে নিজক ত্যাগ কৰা
তুমি এক বিশাল বৃক্ষ
যিয়ে প্ৰবল ধুমুহা ৰ’দ শোষণ কৰি
পানাহ দিয়া তোমাৰ স্নেহময়ী ছাঁ তলত ।।