সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু মৰিগাঁও শাখা লেখিকা সমাৰোহ সমিতিৰ আতিথ্যত

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু মৰিগাঁও শাখা লেখিকা সমাৰোহ সমিতিৰ আতিথ্যত,কেন্দ্রীয় সাংস্কৃতিক সমাবর্তন

মৃদুস্মিতা শৰ্মা ,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোনালী জয়ন্তী বৰ্ষৰ স্বৰ্ণিল জয় যাত্ৰাৰ লগত সংগতি ৰাখি মৰিগাঁৱত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় সাংস্কৃতিক সমাবৰ্ত্তন । সেই উপলক্ষে পুৱা মখ্যদ্বাৰ উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি হৰমোহন কলিতাই আৰু লগতে চমু বক্তব্য প্ৰদান কৰে । মৰিগাঁও জিলাৰ গান্ধীভৱনত অনুষ্ঠিত সভাৰ আৰম্ভণিতে প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী ড০ শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন সভানেত্ৰী আভা বৰাই আৰু মাল্যাৰ্পণ কৰে মৰিগাঁও শাখাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী বাণী বৰুৱাই । মৰিগাঁও শাখাৰ সদস্যা সকলৰ দ্বাৰা পৰিবেশিত চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে শুভাৰম্ভ হোৱা সাংস্কৃতিক সমাবৰ্ত্তন উদ্বোধনী অনুষ্ঠানত সভানেত্ৰীত্ব কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূবৰ্ণ শইকীয়া বৰদলৈয়ে । উদ্ধোধনী সভাখন আৰম্ভণিতে মৰিগাঁও শাখাৰ সম্পাদিকা ৰূপা শৰ্মাৰ সদ্য প্ৰয়াত স্বামী নূপুৰ শৰ্মা আৰু প্ৰয়াত অসমৰ বিভিন্ন ব্যক্তিসকলৰ স্বৰ্গগামী আত্মাৰ সদগতি কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় । সভাখন উদ্ধোধন কৰে মৰিগাঁও জিলাৰ সহ আয়ুক্ত কংকন জ্যোতি শ‌ইকীয়াই ।আদৰণী ভাষণ আগবঢ়ায় মৰিগাঁও শাখাৰ সভানেত্ৰী ৰীণা ডেকাই । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কূ্ৰ্মীয়ে । অনুষ্ঠানৰ আৰম্ভণিতে পৰিচয়পৰ্ব আৰু সম্বৰ্দ্ধনা জনোৱা হয় বিশিষ্ট আৰু আমন্ত্ৰিত ব্যক্তিসকলক ৷ সভাত সদৌ সভানেত্ৰী সুৱৰ্ণ শ‌ইকীয়া বৰদলৈয়ে চমু বক্তব্য আগবঢ়ায় । উল্লেখ্য যে এই কেন্দ্ৰীয় সাংস্কৃতিক সমাবৰ্ত্তন উদ্বোধনী অনুষ্ঠানতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শ‌ইকীয়া বৰদলৈয়ে স্মৃতিৰেখা গোহাঁইক সভানেত্ৰী, ৰীণা ডেকা আৰু প্ৰতিভা দেওৰজাক কাৰ্যকৰী সভানেত্ৰী আৰু অৰ্চনা শৰ্মাক সম্পাদিকা হিচাপে দায়িত্বভাৰ অৰ্পণ কৰি মৰিগাঁও জিলা লেখিকা সমাৰোহ সমিতি গঠন কৰা হ’ল বুলি ঘোষণা কৰে। লগে লগে সদস্যা সকলে ঘোষা আৰু উৰুলি ধ্বনিৰে মুখৰিত কৰি তোলে। সাংস্কৃতিক সমাবৰ্ত্তনত মৰিগাঁও জিলাৰ মৰিগাঁও শাখাৰ আৰম্ভণি গীত, জাগীৰোড শাখাৰ বৰগীত, মৰিগাঁও শাখাৰ নৱ প্ৰজন্ম শিল্পীৰ সত্ৰীয়া নৃত্য, ঝুমুৰ নৃত্য , পশ্চিম মৰিগাঁও শাখাৰ তিৱা নৃত্য,চৰাইবাহী বৰভগীয়া শাখাৰ বিষ্ণু ৰাভা গীতৰ নৃত্য, ভূৰবন্ধা শাখাৰ জেং বিহু , নটুৱাগাওঁ শাখাৰ বিয়া নাম, গুৱাহাটী মেট্ৰ’ শাখাৰ কোৰাছ , নগাঁও ধিং শাখাৰ জিকিৰ , কঠিয়াতলি শাখাৰ কল্পনা বৰাৰ একক অভিনয়, তেজপুৰ শাখাৰ কল্পনা কলিতাই বলিষ্ঠ ভাৱে পৰিবেশন কৰা একক অভিনয় আৰু ৰিঞ্জুমনি নেওগ বৰাৰ সংস্কৃত স্ত্ৰোতম, বোকাখাত শাখাৰ পৰা লেখিকা সমাৰোহ সমিতিক উদ্দেশ্য কৰি লিখা গীতাঞ্জলি কলিতাৰ গীত আৰু বিহু । শেষত নগাঁও জিলাৰ ৰহা শাখাৰ শিল্পী সকলে পৰিৱেশন কৰে নাটক “কমলা কুঁৱৰী” । সাংস্কৃতিক সমাবৰ্ত্তনৰ আঁত ধৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কূ্ৰ্মীয়ে। সম্বৰ্দ্ধনা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আঁত ধৰে মৰিগাঁও শাখাৰ প্ৰাক্তন সম্পাদিকা অৰ্চনা শৰ্মা আৰু সাংস্কৃতিক সম্পাদিকা ললিতা দেৱীয়ে । শেষত জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি হয় ৷