শিক্ষক দিৱস উপলক্ষে
শিক্ষক সমাজৰ ঘাই শিপা
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
সমাজ, দেশ এখন গঢ়িবলৈ এজন শিক্ষকৰ ভূমিকা অপৰিসীম শিক্ষক এজনে সুস্থ সমাজ অসুস্থ কৰি তুলিব পাৰে।অসুস্থ সমাজ সুস্থ কৰি তুলিব পাৰে। এক অপ্ৰকাশ্য শক্তি যেন প্ৰতিজন শিক্ষকৰ গাত ঈশ্বৰপ্ৰদত্ত ৰূপত বিদ্যমান।
সমাজ এখন এক জীৱন্ত সত্তা, যাৰ বিকাশ আৰু পুষ্টিৰ বাবে প্ৰয়োজন এক সুদৃঢ় আৰু সুস্থ আধাৰ। এই আধাৰটো হ’ল মানুহ, আৰু মানুহ গঢ়ি তোলাৰ মহান দায়িত্ব যিজন ব্যক্তিৰ ওপৰত ন্যস্ত, তেওঁ হ’ল শিক্ষক।
সঁচাকৈয়ে, শিক্ষকেই হ’ল সমাজৰ ঘাই শিপা, যাৰ পৰা উদ্ভৱ হয় জ্ঞান, নীতি-নৈতিকতা আৰু মানৱীয় মূল্যবোধৰ শাখা-প্ৰশাখা।
সম্যক দৃষ্টিত মাতৃয়ে প্ৰতিজন ব্যক্তিৰ প্ৰথম আৰু প্ৰধান শিক্ষক। সৰুৰে পৰা শুবলৈ, খাবলৈ, কথা পাতিবলৈ, আচৰণৰ প্ৰাথমিক শিক্ষা আমাৰ মাতৃৰ পৰাই আহে।পৰিয়ালৰ পৰা আৰম্ভ হোৱা শিক্ষাই আমাৰ ব্যক্তিত্বৰ ভেটি স্থাপন কৰে। পাছলৈ, এই ভেটিৰ ওপৰতেই বিদ্যালয়, মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানসমূহৰ শিক্ষকসকলে জ্ঞান, বিজ্ঞান, কলা, সাহিত্য আৰু সমাজবিজ্ঞানৰ দৰে বিষয়সমূহৰ যোগেদি এক সুসভ্য আৰু সক্ষম নাগৰিক হিচাপে আমাক গঢ়ি তোলে। তেওঁলোকেই আমাক শিকায় যে কেনেকৈ জীয়াই থাকিব লাগে, কেনেকৈ আনৰ সৈতে মিলা-প্ৰীতিৰে থাকিব লাগে আৰু দেশ-সমাজৰ প্ৰতি থকা কৰ্তব্য সম্পাদন কৰিব লাগে।
শিক্ষক এজনে তেওঁৰ জ্ঞান, দৃষ্টিভংগী আৰু আদৰ্শৰ দ্বাৰা এক সুস্থ সমাজক অসুস্থ কৰি তুলিব পাৰে। যদি এজন শিক্ষকে ভুল, হিংসা, বিদ্বেষ, বিভেদৰ দৰে বিষয়বোৰ প্ৰচাৰ কৰে, তেন্তে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলো সেই বাটেই আগবাঢ়িব, ফলত সমাজত বিৰূপ প্ৰভাৱ পৰিব। আনহাতে, এজন যোগ্য আৰু চৰিত্ৰবান শিক্ষকে এক অসুস্থ সমাজক সুস্থ কৰি তুলিব পাৰে। তেওঁ নৈতিকতা, সহনশীলতা, দেশপ্ৰেম, সত্যৰ প্ৰতি থকা আগ্ৰহ আদি গুণসমূহ ছাত্ৰ-ছাত্ৰীৰ মনত সুমুৱাই দিব পাৰে। তেওঁলোকৰ দ্বাৰা প্ৰশিক্ষিত প্ৰজন্মইহে ভৱিষ্যতৰ সুস্থ, সমৃদ্ধিশালী আৰু শান্তিপূৰ্ণ সমাজ গঢ়ি তুলিব।
আচলতে শিক্ষকতা কেৱল এটা বৃত্তি নহয়, ই এক ত্যাগময়ী সাধনা। শিক্ষকসকলৰ ঈশ্বৰপ্ৰদত্ত এক অপ্ৰকাশ্য শক্তি বিদ্যমান, যাৰ জৰিয়তে তেওঁলোকে নিষ্পাপ মনক আলোকিত কৰে, অন্ধকাৰৰ পৰা পোহৰলৈ আনে। তেওঁলোকেই হ’ল সেই অস্ৰ , যিয়ে মানৱ মনৰ ইমাৰত নিৰ্মাণ কৰে; তেওঁলোকেই হ’ল সেই বাগিছা, যিয়ে ভৱিষ্যতৰ সুগন্ধি ফুলবোৰক ফুলাই চৌপাশত সুভাস ছটিওয়াত সহায় কৰে।
সাৰথিহীন নাৱৰীয়াৰ দৰে, শিক্ষকহীন সমাজও লক্ষ্যহীন আৰু অন্ধকাৰময়। সেয়েহে, শিক্ষকসকলক সন্মান আৰু সুযোগ-সুবিধা প্রদান কৰাটো সমাজ আৰু ৰাষ্ট্ৰৰ এক পবিত্ৰ দায়িত্ব। কিয়নো শিক্ষকৰ শিকনিয়েই হ’ল আমাৰ ভৱিষ্যতৰ বীজ। সেই বীজ সোনালী হ’লেহে দেশ-জাতিৰ ভৱিষ্যতও সোনালী হ’ব। গতিকে, শিক্ষকেই হ’ল সেই মূ্ল স্তম্ভ, যাৰ ওপৰত নিৰ্ভৰ কৰি সমাজৰ মহান ইমাৰত দণ্ডায়মান।
শিক্ষক সকলৰ গুৰুত্ব বুজাবলৈ মহান মনিষী এজনে কৈছিল ” শিক্ষক এজন মমবাতিৰ দৰেই; যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে।
অসমীয়া লোক সমজত এটা কথা প্ৰচলিত আছে যে- “গুৰুৰ পদূলি ছাৰি আন ঠাই নাই”
এইবোৰৰ পৰাই বুজিব পাৰি সমাজ এটা সুস্থ ৰূপত গঢ়িবলৈ শিক্ষক সকলে কিমান সক্ৰিয় ভূমিকা পালন কৰে। সেয়ে শিক্ষক সকলক সমাজৰ ঘাই শিপা বুলি আখ্যায়িত কৰা হয় ।