ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ উদ্যোগত নাগৰিক সভা

ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ উদ্যোগত নাগৰিক সভা::শুদ্ধ ভোটাৰ তালিকাৰে নবেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ডিব্ৰুগড় জিলা পুথিভঁৰালত  সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আইন, অধিসূচিত গাঁও, স্বায়ত্ত শাসন ব্যৱস্থাৰ ধাৰণা আৰু সমাগত পৰিষদীয় নিৰ্বাচন বিষয় সম্পৰ্কত এক বিশাল নাগৰিক সভা অনুষ্ঠিত হয়৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল, জনজাতিটোৰ বিশিষ্ট ব্যক্তি তথা অধিবক্তা কেশৱ চন্দ্ৰ সোনোৱাল, শান্তনু দাস বৰহাজোৱাল, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ বিনোদ চন্দ্ৰ বড়াৰ যৌথ সভাপতিত্বত আয়োজিত নাগৰিক সভাত আদৰণি ভাষণ আৰু উদ্দেশ্য ব্যাখ্যা কৰি মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱালে কয় যে কাৰিকৰী বহু দিশত থকা আসোঁৱাহৰ বাবেই এখন শুদ্ধ ভোটাৰ তালিকা ৰাজ্য চৰকাৰৰ নিৰ্বাচন আয়োগে প্ৰস্তুত কৰি দিব নোৱৰিলে৷ সেয়ে  চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পৰিষদৰ বৰ্ধিত কাৰ্যকাল অন্ত পৰাৰ পিছতো নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱৰাৰ কথা অৱগত কৰি অহা নবেম্বৰত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ ৭০১ খন ৰাজহ গাঁও আৰু ৯৩৯ খন ‘অংশ’যুক্ত গাঁৱৰ শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুতকৰণৰ সম্পৰ্কত ৰাইজৰ পৰা মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে পৰামৰ্শ বিচাৰে৷ সমান্তৰালকৈ ষষ্ঠ অনুসূচীত কিদৰে সোনোৱাল অধ্যুষিত অঞ্চলসমূহ অন্তৰ্ভুক্ত কৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব তাৰ সম্পৰ্কতো পৰামৰ্শ আগবঢ়োৱাৰ বাবে আহ্বান জনায়৷ ৰাজ্যখনৰ সোনোৱাল কছাৰী অধ্যুষিত বিভিন্ন জিলাসমূহৰ দুই সহস্ৰাধিক লোকৰ লগতে পৰিষদৰ পাৰিষদসকল, জনজাতিটোৰ বিভিন্ন সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাত সভাপতি মণ্ডলীৰ হৈ ড॰ বিনোদ চন্দ্ৰ বড়াই পৰিষদীয় আইন আৰু ষষ্ঠ অনুসূচি সম্পৰ্কীয় বিভিন্ন দিশৰ তুলনামূলক বিশ্লেষণ কৰি বিভিন্ন কাৰ্যবাহী ক্ষমতা লাভৰ ক্ষেত্ৰত ল’বলগীয়া দিশসমূহ চমুকৈ আলোকপাত কৰে৷ সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মিলন সোনোৱালে ষষ্ঠ অনুসূচিত ১৯৫৬ চনতে মিজোৰামৰ লাখেৰ জনজাতিৰ মাত্ৰ ২৫ হেজাৰ জনসংখ্যা থকা অঞ্চলক যিদৰে ষষ্ঠ অনুসূচীভুক্ত হ’ল তাৰ বিপৰীতে ১৯৭১ চনতে  প্ৰায় দুই লাখ জনসংখ্যা আৰু বৰ্তমানে ৪ লাখৰো অধিক জনসংখ্যা থকা সোনোৱাল জনজাতিয়ে কিয় ষষ্ঠ অনুসূচীভুক্ত নহ’ব বুলি প্ৰশ্ন কৰি এইক্ষেত্ৰত সকলোৱে একত্ৰিত হৈ সংগ্ৰাম কৰি যোৱাৰ পোষকতা কৰে৷ সভাত সোনোৱাল কছাৰী সাহিত্য সভাৰ হৈ ড॰ লৱৰাম সোনোৱাল, সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ হৈ সভাপতি দেবানন্দ চেলেং, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দণ্ডী সোনোৱাল, সোনোৱাল কছাৰী কালছাৰেল চ’চাইটিৰ হৈ সভাপতি ভুৱন চন্দ্ৰ বড়া, সোনোৱাল কছাৰী গণমঞ্চৰ হৈ কাৰ্যকৰী সভাপতি বিনোদ কুমৰাল, সোনোৱাল কছাৰী নাৰী সন্থাৰ হৈ সভানেত্ৰী ৰশ্মিৰেখা সোনোৱাল, স্বায়ত্তশাসিত পৰিষদ দাবী সমিতিৰ সম্পাদক উৎপল দাস, অৱসৰী ভাৰতীয় প্ৰশাসনীয় বিষয়া কুলস্বামী লালোৱাৰী, সোনোৱাল কছাৰী জাতীয় পৰিষদৰ হৈ সচিবপ্ৰধান চন্দন সোনোৱাল, বিশিষ্ট লেখক নন্দেশ্বৰ কছাৰী, ‘সোনোৱাল কছাৰী সমাজ’ৰ হৈ কাৰ্তিক হাজৰিকা,  প্ৰাক্তন ছাত্ৰনেতা কুমুদসাগৰ সোনোৱাল, কান্তেশ্বৰ বড়াকে ধৰি বহুসংখ্যক ব্যক্তিয়ে বিষয়কেইটাৰ সম্পৰ্কত নিজৰ মত ব্যক্ত কৰাৰ লগতে এইক্ষেত্ৰত পৰিষদৰ কিছু দুৰ্বল ভূমিকাৰ ওপৰত তীক্ষ্ণ ভাষাৰে গঠনমূলক সমালোচনাও আগবঢ়ায়৷ নাগৰিক সভাই অহা নবেম্বৰ মাহত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈ থকা সোনোৱাল আৰু অ-সোনোৱাল লোকৰ অন্তৰ্ভুক্তি কৰা-নকৰাৰ সম্পৰ্কত শীঘ্ৰে জাতীয় সংগঠনসমূহৰে আলোচনা কৰি এক চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত চৰকাৰক সহযোগিতা কৰাৰ সিদ্ধান্ত গ্ৰহণৰ উপৰিও জনজাতিটোৰ সকলো দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে পৰিষদৰ সদস্য সকলৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰে চলিত ছেপ্টেম্বৰ মাহতেই এক আলোচনাত মিলিত হ’বৰ বাবেও নাগৰিক সভাই সিদ্ধান্ত গ্ৰহণ কৰে৷