আফগানিস্তানত ৬.৩ প্রাবল্যৰ ভয়ংকৰ ভূমিকম্প

আফগানিস্তানত ৬.৩ প্রাবল্যৰ ভয়ংকৰ ভূমিকম্প

ৰঙিলী বাৰ্ত্তাসেৱা-  ৬.৩ প্রাবল্যৰ ভূমিকম্পত বিধ্বস্ত আফগানিস্তান। দেওবাৰে পুৱতিনিশা আফগানিস্তানৰ পাহাৰীয়া হিন্দুকুশ অঞ্চলত ৬.৩ প্রাবল্যৰ ভূমিকম্পই দেশখনৰ কেইবাখনো প্রদেশ বিধ্বস্ত কৰে। এই ভয়াৱহ ভূমিকম্পৰ ফলত আঠ শতাধিক লোকৰ প্ৰাণহানি হোৱাৰ লগতে ২,৮০০তকৈ অধিক লোক আহত হৈছে। আফগানিস্তানৰ পূব প্ৰান্তৰ সীমান্তৰ সৈতে পাকিস্তান সংলগ্ন অঞ্চলটোত উৎপত্তি হোৱা ৬.৩ প্রাবল্যৰ ভূমিকম্পই দেশখনৰ কুনৰ আৰু নানগৰহৰ প্ৰদেশত ধ্বংসলীলা চলায়। প্রদেশ দুখনৰ বিভিন্ন চহৰৰ অট্টালিকাসমূহ ধ্বংসস্তূপত পৰিণত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্ত্বিক সমীক্ষা, চমুকৈ ইউএছডিএছৰ তথ্য মতে জালালাবাদৰ পৰা ২৭ কিলোমিটাৰ আৰু আফগানিস্তানৰ ৰাজধানী কাবুলৰ পৰা ১৪০ কিলোমিটাৰ নিলগত ভূমিকম্পটোৰ অভিকেন্দ্র। হিন্দুকুশ অঞ্চলত এই ভূমিকম্পই পাহাৰীয়া বাট-পথ বিধ্বস্ত কৰি তোলে। কম্পনৰ ফলত পাহাৰীয়া অঞ্চলৰ বাট-পথ অৱৰুদ্ধ হৈ পৰাত উদ্ধাৰ অভিযান জটিল হৈ পৰিছে। এনেদৰে দুৰ্বল আন্তঃগাঁথনিৰ ফলত যোগাযোগৰ ক্ষেত্ৰতো জটিলতা আহিছে। ভূমিকম্পৰ পাছত পাহাৰীয়া অঞ্চলসমূহত ভূমিস্খলন হোৱাত ঠেক পাহাৰীয়া পথ বন্ধ হৈ পৰাত উদ্ধাৰকাৰী দল ক্ষতিগ্রস্ত অঞ্চললৈ যাব পৰা নাই। ধ্বংসস্তূপৰ মাজৰ পৰা প্ৰতি মিনিটে মিনিটে মৃতদেহ উদ্ধাৰ হৈ আছে। এনে পৰিপ্ৰেক্ষিতত মৃতকৰ সংখ্যা আঠ শতাধিক বুলি প্রশাসনে সদৰী কৰিলেও এই সংখ্যা হেজাৰ অতিক্ৰম কৰাটো প্রায় নিশ্চিত। ইপিনে, ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা আহত লোকৰ সংখ্যা আঢ়ৈ হাজাৰ অতিক্ৰম কৰিছে। উদ্ধাৰ অভিযান চলি থকাৰ ফলত প্রতিক্ষণতে নিহত আৰু আহতৰ সংখ্যা বাঢ়ি গৈ আছে। প্রদেশ দুখনৰ ধ্বংসস্তূপত উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে চলাই আছে। ২০২৩ চনৰ পিছত দেশখনত অন্যতম ভয়াৱহ ভূমিকম্পই অনাহৃত পৰিস্থিতিৰ সৃষ্টি কৰিছে। তালিবানশাসিত আফগানিস্তানৰ চৰকাৰে ইতিমধ্যে মানৱীয় সাহায্যৰ বাবে বিভিন্ন দেশক আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘই জৰুৰীকালীন সাহায্যও দেশখনলৈ আগবঢ়াইছে। আনকি উদ্ধাৰ অভিযানৰ বাবে ৰাষ্ট্ৰসংঘৰ সাহায্য কর্মীকো প্ৰেৰণ কৰা হৈছে। সবাতোকৈ ক্ষতিগ্রস্ত কুনৰ প্ৰদেশত নুৰগুল, চোকী, বাটপুৰ, মানগী আৰু চাপাডৰেট সহস্রাধিক বাসগৃহ ধ্বংসস্তূপত পৰিণত হৈছে। ধ্বংসস্তূপত পৰিণত হোৱা এইবাসগৃহৰ পৰা ঘনে ঘনে মৃতদেহ উদ্ধাৰ হৈ আছে। ভূমিকম্পটোৰ ফলত কুনৰ প্ৰদেশত সর্বাধিক লোকে প্রাণ হেৰুওৱাৰ বিপৰীতে সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে। ইয়াৰ সমান্তৰালকৈ নাংহৰ প্ৰদেশতো ভূমিকম্পই ধ্বংসলীলা চলাইছে। দুয়োখন প্রদেশৰ বিভিন্ন গাঁও আৰু চহৰ ধ্বংসস্তূপত পৰিণত হৈছে। যোগাযোগ আৰু যাতায়াতৰ সুব্যৱস্থা নথকাৰ ফলত উদ্ধাৰকাৰী দল ক্ষতিগ্রস্ত অঞ্চলত উপস্থিত হ’ব পৰা নাই। এনে কাৰণতে হতাহতৰ সংখ্যা সঠিকভাৱে প্রকাশ কৰিব পৰা নাই। তেনেদৰে ক্ষয়-ক্ষতিৰ বিতং তথ্যও পোহৰলৈ অহা নাই। ভূমিকম্পৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি আফগানিস্তানৰ এই দুৰ্যোগৰ সময়ত ভাৰত তেওঁলোকৰ ওচৰত আছে বুলি মন্তব্য কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। উদ্ধাৰ অভিযানৰ পৰা সাহায্যলৈকে আফগানিস্তানলৈ সকলো প্ৰকাৰে সম্ভাব্য মানৱীয় সাহায্য প্ৰেৰণ কৰিব বুলিও প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে।