ৰাজস্থান ৰয়েলছৰ মুখ্য প্রশিক্ষকৰ পদ ত্যাগ ৰাহুল দ্রাবিড়ৰ

ৰাজস্থান ৰয়েলছৰ মুখ্য প্রশিক্ষকৰ পদ ত্যাগ ৰাহুল দ্রাবিড়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক পদৰ পৰা পদত্যাগ কৰিলে ৰাহুল দ্রাবিড়ে। ব্যক্তিগত কাৰণৰ বাবে দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত থাকিব বিচৰা নাই দ্রাবিড়ে। শনিবাৰে ৰাজস্থান ৰয়েলছে সামাজিক মাধ্যমযোগে ৰাহুল দ্রাবিড়ৰ পদত্যাগৰ কথা ঘোষণা কৰে। বিগত ছিজনত মুখ্য প্রশিক্ষক হিচাপে ৰাজস্থান ৰয়েলছত যোগদান কৰিছিল ৰাহুল দ্রাবিড়ে। কিন্তু সঞ্জু চেমছন নেতৃত্বাধীন বাহিনীয়ে তেওঁৰ অধীনত বিশেষ সফলতা লাভ কৰা নাছিল। ১৪খন খেলৰ ভিতৰত মাত্র ৪খন মেচতহে জয়লাভ কৰিছিল ৰাজস্থানে। উল্লেখ্য যে ৰাজস্থান কর্তৃপক্ষই দ্রাবিড়ৰক গুৰুত্বপূৰ্ণ দায়িত্ব দিব বিচাৰিছিল। কিন্তু তেওঁ মান্তি নহ’ল। ৰাজস্থান কর্তৃপক্ষই সামাজিক মাধ্যমযোগে লিখেছে ২০২৬ চনৰ আইপিএলৰ পূৰ্বে আমাৰ মুখ্য প্রশিক্ষক ৰাহুল দ্রাবিড়ে পদত্যাগ কৰিছে। বহু বছৰ ধৰি ৰাহুল আমাৰ লগত আছিল। তেওঁৰ নেতৃত্বই কেইবাটাও প্ৰজন্মৰ ক্ৰিকেটাৰক অনুপ্রাণিত কৰিছে। আমাৰ দলৰ মূল্যবোধ সৃষ্টি কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ অৱদান আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি ৰাহুলক ডাঙৰ দায়িত্ব ল’বলৈ অনুৰোধ কৰিছিলোঁ। কিন্তু তেওঁ সেই দায়িত্ব ল’বলৈ সন্মত হোৱা নাছিল।