বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ ছেমিত প্ৰৱেশ সাত্বিক-চিৰাগৰ

বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ ছেমিত প্ৰৱেশ সাত্বিক-চিৰাগৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ক্রীড়ানুগাৰীক পুনৰ এবাৰ আনন্দৰ সুযোগ দি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে তাৰকা শ্বাটলাৰদ্বয় সাত্বিক সৈৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ শেঢ়ীয়ে। বেডমিন্টন বিশ্বৰ অন্যতম চর্চিত ভাৰতীয় যুটিটোৱে পেৰিছত চলি থকা বিডব্লিউএফ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপত পদক লাভ কৰাটো নিশ্চিত কৰিছে। সন্মানীয় প্রতিযোগতাখনৰ পুৰুষৰ ডাবলছ শাখাত দর্শনীয় প্রদর্শনেৰে ভাৰতীয় যুটিটোৱে ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে। পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেল মেচখনত সাত্বিক- চিৰাগে চমকপ্রদ প্ৰদৰ্শন কৰি মালয়েছিয়াৰ যুটি এৰন চিয়া আৰু ছ’হ বুই য়িকক ২১-১২, ২১-১৯ৰ ব্যৱধানত পৰাস্ত কৰি অন্তিম চাৰিত স্থান নিশ্চিত কৰে। ইয়াৰ লগে লগে সাত্বিক-চিৰাগ যুটিয়ে পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেল আৰু ২০২২ চনত বিশ্ব চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত মালয়েছিয়ান যুটিটোৰ বিৰুদ্ধেসন্মুখীন হোৱা পৰাজয়ৰো প্ৰতিশোধ পূৰ কৰে। উল্লেখ্য যে ২০২২ চনতো বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছিল সাত্বিক আৰু চিৰাগে। কিন্তু এৰন চিয়া আৰু ছ’হ বুই য়িকৰ বিৰুদ্ধে ছেমিফাইনেলত পৰাজয়ৰ সন্মুখীন হৈ সাত্বিক-চিৰাগ যুটিয়ে ব্ৰঞ্জৰ পদকত সন্তুষ্ট হ’বলগীয়া হৈছিল। সাত্বিক-চিৰাগে ছেমিত প্রৱেশ কৰাৰ লগে লগে ভাৰতে ২০১১ চনৰ পৰা বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপত দেখুৱাই অহা পদকৰ ধাৰাবাহিকতাও অক্ষুণ্ণ থাকে।