ডিব্ৰুগড়ত তিনি উপাচাৰ্যৰ লগতে কেবাগৰাকীও বৌদ্ধিক সদস্যৰে অসম সাহিত্য সভাৰ শৈক্ষিক সমিতি গঠন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাই সাহিত্য, সংস্কৃতিৰ ভেটি শক্তিশালী আৰু সুদৃঢ় কৰাৰ লক্ষ্যৰে এক নতুন দিশ মুকলি কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ড০বসন্ত কুমাৰ গোস্বামী আৰু প্রধান সম্পাদক দেৱজিৎ বৰাই সম্প্রতি এক ঐতিহাসিক সিদ্ধান্ত গ্রহণৰে তিনিখন বিশ্ববিদ্যালয়ৰ তিনিগৰাকী উপাচার্যকলৈ আলোচনাসত্র, বিদ্যায়তনিক কার্যসূচী আৰু পৰামৰ্শ প্রদানৰ বাবে এখন সমিতি গঠনৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই সম্পর্কত এগৰাকী বিশিষ্ট লেখক, সমাজ সংগঠক, ডিব্রুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) অধ্যক্ষ কর্মসূর্য ড০ শশীকান্ত শইকীয়াক আহ্বায়ক হিচাপে লৈ এখন শৈক্ষিক সমিতি গঠন কৰি দিছে। এই সমিতিখনে বিবিধ সমস্যা সম্পৰ্কত পৰামর্শ দিয়াৰ লগতে মূল অধিৱেশনৰ আগতে বিভিন্ন শাখা সম্মিলন আয়োজন আৰু সম্মিলনৰ বিষয় নির্বাচন কৰাত কার্য সম্পাদন কৰিব। সমিতিখনত অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ জিতেন হাজৰিকা আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ নিৰোদ বৰুৱাক উপদেষ্টা হিচাপে মনোনীত কৰা হৈছে। সদস্য হিচাপে মনোনীত কৰা হৈছে ক্রমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° ৰাজীৱ সন্দিকৈ, গুৱাহাটী বিশ্ববিদ্যালয় জ্যেষ্ঠ প্রাধ্যাপক, ড০’ যোগেন চন্দ্র কলিতা, বিশিষ্ট লেখক তথা বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিৰিঞ্চি কুমাৰ দাস, ডিব্ৰুগড়ৰ বিশিষ্ট উদ্যোগপতি, শিক্ষা সংগঠক জ্যোতি প্রসাদ কানৈ আৰু অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাক। এই সমিতিখনে অসমৰ উচ্চশিক্ষা, সাহিত্য আৰু সংস্কৃতিৰ মাজত নিবিড় সম্পর্ক স্থাপন কৰি শিক্ষাৰ ক্ষেত্ৰখনত এক বৈপ্লবিক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব। আলোচনাসত্রসমূহ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত অনুষ্ঠিত কৰা হ’ব। প্রস্তাৱিত আলোচনাসত্রসমূহত শিক্ষাৰ মান উন্নয়ন, আঞ্চলিক ভাষা-সাহিত্যৰ উত্তৰণ, সংৰক্ষণ, গৱেষণাৰ নতুন পথৰ সন্ধান আৰু বিশ্বমানৰ জ্ঞান, বিজ্ঞান, প্রযুক্তিৰ স’তে অসমক সংযোগ কৰাৰ দিশত বিতং আলোচনা কৰিব। অসম সাহিত্য সভাৰ ইতিহাসত তিনিখন বিশ্ববিদ্যালয়ৰ তিনিজন উপাচার্যৰ অন্তর্ভুক্তিবে এনেদবে শক্তিশালী শৈক্ষিক সমিতি গঠন কৰি শিক্ষা, সাহিত্য, সাংবাদিকতাৰ উত্তৰণ কৰিবলৈ চেষ্টা চলোৱা এয়াই প্রথম। ইতিমধ্যে মনোনীত উপাচার্যসকলকে ধৰি অন্যান্য সদস্যসকল এনে এখন উচ্চস্তৰীয় সমিতিৰ অংশীদাৰ হ’বলৈ পাই উৎসাহিত হৈছে বুলি জানিব পৰা গৈছে। সভাৰ এই পদক্ষেপে অসমৰ শিক্ষা, সাহিত্য, সংস্কৃতি, বিজ্ঞান, সাংবাদিকতাৰ উত্তৰণত এক নতুন দিশ উন্মোচন কৰিব বুলি আশা কৰা হৈছে। অসম সাহিত্য সভাৰ বিভিন্ন সম্মিলন, আলোচনাসত্র আদিত দর্শক, শ্রোতাব সেৰেঙা উপস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম সাহিত্য সভাই বৌদ্ধিক দিশত সৱল পদক্ষেপ গ্রহণৰ যোগেদি এনেদৰে বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত সম্মিলন আয়োজন কৰি মূল উদ্দেশ্য সফল হোৱাৰ আশাবে এনে শক্তিশালী শৈক্ষিক সমিতি গঠন কৰা বুলি জানিব পৰা গৈছে।