বহুদিন আগতে – প্ৰভাত বণিয়া

Pc Shutterstock

বহুদিন আগতে

প্ৰভাত বণিয়া

মনত আছেনে জনাকীৰ্ণ আবেলি
তোমাক দেখিছিলো
চালে চকু ৰোৱা

নিৰিবিলি নৈৰ ঘাট লাস্যময়ী
লয়-লাস ভংগীমা
স্নানৰতা অপৰূপা তুমি

আকুলতাৰে ভৰা নৈপৰীয়া বাট
বুকুৰ বাগিচা শুৱাই ফুলি থাকে

শুভ্ৰ শৰতৰ শেৱালি
হেঁপাহেৰে বোটলো এপাহ দুপাহ

তুমি বৰ মোহম‌য়ী
তোমাৰ সুগন্ধি সুৱাসেৰে আহা
মন জুৰাও
জীপাল‌ কৰোঁ নিয়ৰস্নাতা এই
শাৰদী পুৱা ।