মুম্বাইত অসম চৰকাৰলৈ ৪ বিঘা ভূমি লীজত প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ মুম্বাই বন্দৰ প্ৰাধিকৰণৰ দ্বাৰা অসম চৰকাৰক আগন্তুক ৬০ বছৰৰ বাবে উন্নয়নমূলক কাম-কাজৰ বাবে চাৰি বিঘা ভূমি লীজত দিয়া হ’ব । ইয়াৰ জৰিয়তে উক্ত ভূমিত ৰাজ্যখনৰ নাগৰিকৰ সুবিধাৰ্থে প্ৰয়োজনীয় আন্তঃগাঁথনি গঢ়ি তোলা হ’ব । এই কথা সদৰী কৰে কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্রী সৰ্বানন্দ সোণোৱালে।গুৱাহাটীৰ জ্যোতিকুছিত থকা বাসভৱনত এখন সংবাদ মেলত তেওঁ কয় যে মুম্বাইত দেশ-বিদেশৰ উল্লেখনীয় বাণিজ্যিক প্রতিষ্ঠান, বিত্তীয় অনুষ্ঠানসমূহ অৱস্থিত। তাহানিৰ পৰাই মুম্বাই চহৰে বিশ্বৰ বুকুত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেনে এখন ব্যস্ততাপূৰ্ণ চহৰত অসম চৰকাৰৰ ফালৰ পৰা এটা নিজা চৌহদ স্থাপন কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ মুম্বাই বন্দৰ কর্তৃপক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। মুম্বাই চহৰৰ আটাইতকৈ অভিজাত অঞ্চল হিচাপে বিবেচিত কোলাবাত কিছু মাটি প্রদান কৰাৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা লিখিতভাৱে অনুৰোধ জনোৱা হৈছিল। অসম চৰকাৰৰ সেই পত্ৰখন মুম্বাই বন্দৰ কৰ্তৃপক্ষই বিতংভারে অধ্যয়ন কৰি ব’ৰ্ডত অনুমোদন জনাই এম্পাৱাৰ্ড কমিটীলৈ প্ৰেৰণ কৰে। আমাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা সমগ্র বিষয়টো অধ্যয়ন কৰি এম্পাৱাৰ্ড কমিটীয়ে ইয়াত চূড়ান্ত অনুমোদন প্রদান কৰে। প্ৰায় ৪ বিঘাতকৈও অধিক ভূমি অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত প্ৰদান কৰাবলৈ ইতিমধ্যে মন্ত্রালয়ে অনুমোদন জনাইছে। এয়া অসমৰ বাবে অত্যন্ত ভাল খবৰ বুলি অভিহিত কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে পুনৰ কয় যে অসম চৰকাৰে এই ভূমিত ৰাজ্যখনৰ স্বাৰ্থত বিভিন্ন ধৰণৰ কাম কৰিবলৈ এটা আন্তঃগাঁথনি নিৰ্মাণ কৰিব। য’ত অসমৰ বিষয়ে সবিশেষ জানিবলৈ বিচাৰিলে অথবা বিনিয়োগ কৰিবলৈ বিচাৰিলে সংশ্লিষ্ট তথ্য প্ৰদানৰ বাবে এই চৌহদটোৱে তথ্যকেন্দ্ৰৰ কাম কৰিব। তদুপৰি অসমৰ বহু লোক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ যায়। উচ্চ শিক্ষাৰ বাবেও বহু শিক্ষার্থী অসমৰ পৰা মুম্বাইলৈ আহে। এই ছাত্র-ছাত্রী অথবা ৰোগীসকলৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ সা-সুবিধা প্ৰদান কৰাৰ বাবে এই চৌহদত ব্যৱস্থা থাকিব। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ আনুষ্ঠানিক চৰকাৰী কাম-কাজৰ বাবে যোৱা বিষয়া-কৰ্মচাৰীসকলৰ বাবে থকাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰে তাত পদক্ষেপ গ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে যে মুম্বাইৰ দৰে স্থানত অসম চৰকাৰে নিজা মাটি আৰু নিজা কেন্দ্ৰ গঢ় দিয়াৰ লগে লগে অসমৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ব্যৱসায়-বাণিজ্য কৰিবলৈ বিচৰা উদ্যোগপতিলৈকে সকলোৱে বিভিন্ন ধৰণৰ সেৱা গ্রহণ কৰিবলৈ সক্ষম হ’ব। ৰাজ্য চৰকাৰক এই ভূমি ৬০ বছৰৰ বাবে লীজত প্ৰদান কৰিবলৈ পাই তেওঁ আনন্দিত হৈছে বুলি উল্লেখ কৰি সোণোৱালে কয়- মই বিচাৰোঁ যে অসমে নিজা শক্তিৰে বিশ্বৰ অন্যতম উল্লেখযোগ্য বাণিজ্য প্ৰদৰ্শন কৰাৰ বাবে পদক্ষেপ লওক। ভূমিৰ বিষয়টো নিষ্পত্তি হোৱাৰ লগে লগে অসম চৰকাৰে অসমৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থত শীঘ্ৰে তাত এটা সুন্দৰ অনুষ্ঠান গঢ় দিব বুলিও কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে।