দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ২৭৬ ৰানত জয় অষ্ট্ৰেলিয়া

দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ২৭৬ ৰানত জয় অষ্ট্ৰেলিয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ আফ্রিকাক ২৭৬ ৰানত পৰাস্ত কৰি অভিলেখ সৃষ্টি অষ্ট্ৰেলিয়াৰ। প্রথমে বেটিং কৰি দক্ষিণ আফ্রিকাক ৪৩২ ৰানৰ কঠিন লক্ষ্য বান্ধি দিছিল অষ্ট্ৰেলিয়া দলে। কিন্তু মাত্র ১৫৫ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয় মাৰ্কৰাম, বাভুমাসমৃদ্ধ আফ্রিকান দলটোৱে। এই বিজয়ৰ লগে লগে কেইবাটাও অভিলেখ গঢ়ে অষ্ট্ৰেলিয়াৰ দলে। প্ৰথমবাৰৰ বাবে এদিনীয়াৰ ইতিহাসত অষ্ট্ৰেলিয়াৰ তিনিগৰাকী শীর্ষ ক্ৰমৰ বেটাৰে একেলগে শতৰান কৰে। সর্বাধিক ১৪২ ৰান কৰে হেডে। আনহাতে অধিনায়ক মিচেল মার্শ্বে কৰে ১০০ ৰান। কিন্তু গ্রীনে ৫৫টা বলত বিধ্বংসী বেটিঙেৰে ১১৮ ৰানৰ অপৰাজিত ইনিংছ খেলে। গ্রীনে ব্যক্তিগত মাইলষ্টনো গঢ়িছে। তেওঁ এদিনীয়াৰ কেৰিয়াৰত প্ৰথমটো শতৰানেই গঢ়িলে এক অনন্য অভিলেখেৰে। অষ্ট্ৰেলিয়াৰ ভিতৰত দ্বিতীয় দ্রুততম শতৰান কৰে মাত্র ৪৭টা বলত। ২০২৩ চনত নেদাৰলেণ্ডছৰ বিপক্ষে ৪০টা বলত শতৰান কৰিছিল গ্লেন মেক্সরেলে। আনহাতে অ’পেনিং কৰিবলৈ নমা হেড আৰু মাৰ্শ্বৰ যুটিত সংগৃহীত হয় ২৫০ ৰান। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যিকোনো দলৰ এয়া সর্বোচ্চ ৰান। তদুপৰি এখন মেচতে প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াই দুটাকৈ ডেৰশ ৰানৰ অধিক যুটি গড়ে।