উচ্ছেদ হোৱা স্থানৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব বেদখলকাৰীসকলৰ নাম: মুখ্যমন্ত্ৰী

উচ্ছেদ হোৱা স্থানৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব বেদখলকাৰীসকলৰ নাম: মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- বেদখলীকৃত ভূমিত বসতি স্থাপনেৰে অসমৰ জনগাঁথনিত বিৰূপ প্ৰভাৱ পেলোৱা তথা দেশৰ সাৰ্বভৌমত্ব-অখণ্ডতালৈ ভাবুকি কঢ়িয়াই অনা সন্দেহযুক্ত নাগৰিকৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্রহণ কৰিছে ৰাজ্য চৰকাৰে। ইতিমধ্যে উচ্ছেদ কৰা এনে বেদখলকাৰীসকলৰ নাম উচ্ছেদিত স্থানৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ কথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰি দিছে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে প্রথম কথা যি ঠাইৰ পৰা উচ্ছেদিত হৈছে, তাৰ ভোটাৰ তালিকাত তেওঁলোকৰ নাম নাথাকে। তেওঁলোকৰ অভিসন্ধিমূলক কার্যপ্রণালী হৈছে উজনি আৰু উত্তৰ অসমত সোমাব খোজাটো। যাতে নামনি-মধ্য অসমৰ দৰে উজনি আৰু উত্তৰ অসমখনো শেষ হৈ নাযায়, আমি তাৰ চেষ্টা কৰিব বিচাৰিছোঁ। নামনি-মধ্য অসম আমি বচাব নোৱাৰিলোঁ। আমাৰ প্ৰজন্মৰ লগতে আগৰ প্ৰজন্মও বিফল হ’ল। এতিয়া আমাৰ প্ৰচেষ্টা তথা লক্ষ্য হৈছে- অন্ততঃ উজনি আৰু উত্তৰ অসম বচাব লাগে। উচ্ছেদৰ লগে লগে নিশ্চিতভাৱে উচ্ছেদিত স্থানত ভোটাৰ তালিকাৰ পৰাও তেওঁলোকৰ নাম কৰ্তন হ’ব। ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযান নিৰন্তৰভাৱে চলি থাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। লগতে ৰাজ্যৰ অন্যান্য বেদখলীকৃত ভূমিৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটাতো উচ্ছেদ অভিযানৰ কাৰণে ইতিমধ্যে পৰিকল্পনা কৰা হৈছে বুলি সদৰী কৰে মুখ্যমন্ত্রী ড° শর্মাই। এই প্রসংগত তেওঁৰ ভাষ্য আছিল এনেধৰণৰ মাৰ্ঘেৰিটাত উচ্ছেদৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। জিলা আযুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা হৈছে। মাৰ্ঘেৰিটাত যিসকল ব্যক্তি বাহিৰৰ পৰা আহিছে আৰু মাৰ্ঘেৰিটাৰ সৈতে তেওঁলোকৰ পৰিচয় নাই, তেনে ব্যক্তিসকলক নিশ্চিতভাৱে আমি উচ্ছেদ কৰিম। ইয়াৰ ব্যৱস্থা আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। টিৰাপ ট্রাইবেল বেল্ট এণ্ড ব্লকক কেন্দ্ৰ কৰি শেহতীয়াকৈ অব্যাহত থকা চর্চা সন্দর্ভতো মুখ্যমন্ত্রী ড° শর্মাই প্রতিক্রিয়া ব্যক্ত কৰে। তেওঁ কয় যে মাৰ্ঘেৰিটা সমষ্টিত মৰাণ, মটক, গোর্খা, কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক বহু দিনৰে পৰা আছে। এই লোকসকলক ভূমিৰ অধিকাৰ নিদিলে অঞ্চলটোত এদিন বিক্ষোভৰ অগনি জ্বলিব। যি বিক্ষোভে অশান্ত কৰিব আমাক সকলোকে। জনজাতীয় লোকসকলৰ ভূমি ইয়াত সুৰক্ষিত হৈ আছে আৰু সুৰক্ষিত হৈ থাকিব। তেওঁলোকৰ ভূমিত কোনো অসুবিধা নহয়। কিন্তু য’ত যুগ যুগ ধৰি মৰাণ, মটক, গোর্খা, কোচ ৰাজবংশী আৰু আহোম জনগোষ্ঠীৰ লোকসকল বহি আছে তেওঁলোককো ভূমিৰ অধিকাৰ দিয়াটো উচিত। আমি ধেমাজি, জোনাই, ঢকুৱাখনা আদি ঠাইত ইতিমধ্যে ভূমিৰ অধিকাৰ দিছোঁ। যাক জনজাতীয় লোকসকলেও আদৰণি জনাইছে। মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে, আমাৰ শত্ৰু আহোম, মৰাণ, মটক, কোচ ৰাজবংশী নহয়। তেওঁ কয় যে জনজাতি আৰু আমি অসমৰ খিলঞ্জীয়া জাতিসত্তা এক হৈ থাকিব পাৰিলেহে অসমখন বচাব পাৰিম। আজি মাৰ্ঘেৰিটাৰ বিপদ আহোম, মৰাণ, মটকৰ পৰা অহা নাই। লাহে লাহে মাৰ্ঘেৰিটাত ১০-১২ হাজাৰ অচিনাকি মানুহ সমৱেত হৈছেই। সেয়েহে সকলোৱে জাতিৰ স্বাৰ্থত এই কথাবোৰ চিন্তা কৰিব লাগে। নিজৰ ভিতৰত কাজিয়া-পেচাল কৰি থাকিলে অসমখন আমি কেতিয়াও বচাব নোৱাৰোঁ।