দ্বিতীয়বাৰলৈ ডুৰাণ্ড কাপৰ খিতাপ দখল নর্থ-ইষ্ট ইউনাইটেডৰ

দ্বিতীয়বাৰলৈ ডুৰাণ্ড কাপৰ খিতাপ দখল নর্থ-ইষ্ট ইউনাইটেডৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় সেনাই আয়োজন কৰা ঐতিহাসিক ১৩৪সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত পুনৰ খিতাপ জয় কৰি ক্ৰমাগত দ্বিতীয়বাৰলৈ চেম্পিয়ন হোৱাৰ গৌৰৱ অর্জন কৰিছে ডিফেণ্ডিং চেম্পিয়ন নর্থ-ইষ্ট ইউনাইটেড এফচিয়ে।  কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত ফাইনেলত নর্থ-ইষ্ট ইউনাইটেডে প্ৰতিযোগিতাত অভিষেক কৰা ডায়মণ্ড হাৰ্বাৰ এফচিক ৬-১ গ’লত পৰাস্ত কৰে। গ্ৰুপৰ লগতে দুখন নকআউট মেচত চমকপ্রদ খেলেৰে ফাইনেলত প্ৰৱেশ কৰা ডায়মণ্ড হাৰ্বাৰে খেলখনৰ আৰম্ভণিতে  বহুত ভাল খেল প্ৰদৰ্শন কৰিছিল ।কিন্তু সময়ৰ লগে লগে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে খেলখন নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে । খেলৰ প্ৰথমার্ধতে নর্থ-ইষ্টে দুটা গ’ল দি বিপক্ষক চাপত আবৃত কৰাৰ লগতে মেচখন নিজৰ নিয়ন্ত্ৰণত ৰাখে। ৩০ মিনিটত গুৱাহাটীৰ দলটোৰ হৈ আছিৰে প্ৰথমটো গ’ল দিয়ে। আনহাতে, দলৰ যুৱ তাৰকা তথা অসম সন্তান পার্থিব গগৈয়ে ৪৫ মিনিটত দ্বিতীয়টো গ’ল দি বিৰতিলৈ নর্থ-ইষ্টক ২-০ত আগুৱাই ৰাখে। ৫০ মিনিটত থৈ সিঙে তৃতীয়টো গ’ল দি ডায়মণ্ড হাৰ্বাৰৰ প্ৰত্যাৱৰ্তনৰ আশাত চেঁচাপানী ঢালে। পূৰ্বৰ মেচৰ ৰণনীতিৰ দৰেই কিবুভিকুনাইৰ দলটোৱে আক্ৰমণৰ পৰিৱৰ্তে ৰক্ষণ বিভাগ অধিক শক্তিশালী কৰি ৰখাৰ লগতে নৰ্থ-ইষ্ট দলৰ তাৰকা আজাৰাইক বান্ধি ৰখাৰ চেষ্টা কৰিছিল। এয়াই আছিল ডায়মণ্ড হাৰ্বাৰৰ ভুল ৰণনীতি। আজাৰায়ে গ’ল দিব নোৱাৰিলেও আছিৰ, পাৰ্থিৱ আৰু থৈয়ে নর্থ-ইষ্ট ইউনাইটেডক ৩-০ৰ অগ্রগতি দিয়ে। পেড্রো বেনালীৰ এই ৰণনীতিয়ে নৰ্থ-ইষ্ট দলক সফলতা দিয়ে। ৬৮ মিনিটত ডায়মণ্ড হাৰ্বাৰৰ মাজকেনে গ’ল দি ব্যৱধান ৩-১ কৰে। ইয়াৰ পিছতে খেলৰ  ৮১ মিনিটত জাইৰোই গ’লৰক্ষকক চকিৎ কৰি এক গ’ল দিয়ে। ইয়াৰ কিছু সময়ৰ পাছতে ৮৬ মিনিটত এণ্ডিয়ে আন এক গ’ল দি দলটোক ৫-১ ত আগুৱাই লৈ যায় । খেলখনৰ শেষ মুহূৰ্তত তথা ইনজুৰী টাইমত আজাৰায়ে পেনাল্টীৰ জৰিয়তে গ’ল দি জয়ৰ স্ক’ৰ ৬-১লৈ লৈ যায়। প্রতিযোগিতাখনত ৮টা গ’ল দিয়া আজাৰায়ে গ’ল্ডেন বল আৰু গ’ল্ডেন বুট লাভ কৰে। ইফালে, নর্থ-ইষ্ট ইউনাইটেডৰ গুৰমীত প্রতিযোগিতাৰ শ্ৰেষ্ঠ গ’লৰক্ষক নির্বাচিত হয়। আনহাতে উত্তৰ- পূবৰ দলটোৰ এই সাফল্যত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয়,”এছিয়াৰ পুৰণি ফুটবল টুৰ্নামেণ্ট ডুৰাণ্ড কাপত একেৰাহে দ্বিতীয়বাৰৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে বিজয়ীৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিলে ৷ ডায়মণ্ড হাৰ্বাৰ এফ চিক ৬-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰা দলটিৰ প্ৰতিগৰাকীলৈ অভিনন্দন জনাইছোঁ ৷  অসমে আগন্তুক দিনতো এনে ক্ৰীড়া আয়োজনেৰে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আগুৱাই যাবলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ ৷ “