লিমাৰিক – ৰাজুমণি বৰা

লিমাৰিক

ৰাজুমণি বৰা, গুৱাহাটী

(১)
হেৰৌ পুতৌৰ মাক স্বাধীনতা আহিছে
ডাঙৰ ডাঙৰ মানুহে কথা পাতিছে
আমাক মিঠাই দিব
পুৱাই যাব লাগিব
আমালৈ স্বাধীনতা কেতিয়ানো আহিছে?

(২)

শাক আনিলো তুলি তাত ওলাল চুলি
কুটোতেই ভাবিলো মই নাখাওঁ বুলি
মানুহজনেযে খালে
তেওঁ বৰ ভাল পালে
খাই খাই ক’লে কাইলৈ আনিবা তুলি