মৰিগাঁও কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন

মৰিগাঁও কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন

ৰঙিলী বাৰ্ত্তাসেৱা-  মৰিগাঁও জিলা কাৰাগাৰৰ পৰা আজি পুৱতি নিশা সুউচ্চ পকী দেৱাল বগাই পুনৰ পলায়ন কৰিলে দুজন দুর্ধর্ষ কয়দী। পলাতক কয়দী দুটা ক্রমে তেজপুৰ মিছামাৰীৰ জিয়াৰুল ইছলাম আৰু মৰিগাঁও জিলাৰ জাগীৰোডৰ সুব্রত সৰকাৰ। দুয়োজন কয়দীয়ে পক’চ গোচৰত ২০ বছৰকৈ সশ্ৰম কাৰাদণ্ড খাটি আছিল। দুই কয়দীয়ে কাৰাগাৰৰ কোঠালিৰ ভিতৰৰ ৰ’ড কাটি লুঙী, গামোচা, বিছনা চাদৰ আদিৰে ৰছি তৈয়াৰ কৰি কাৰাগাৰৰ সুউচ্চ পকী দেৱাল অনায়াসে বগাই কাৰাগাৰৰ পৰা পলায়ন কৰে। পুৱাৰ ভাগত হাজোতী আৰু কয়দী সকলৰ গণনাৰ সময়ত এই কথা পোহৰলৈ অহাত কাৰাগাৰ কর্তৃপক্ষৰ মাজত এক হুৱা দুৱা পৰিৱেশৰ সৃষ্টি হয়। এই অবাঞ্ছিত ঘটনাটো সদৰী হোৱাৰ পিছতে মৰিগাঁৱৰ আৰক্ষী অধীক্ষ হেমন্ত কুমাৰ দাস কাৰাগাৰ চৌহদত উপস্থিত হৈ ঘটনাটোৰ বুজ লোৱাৰ লগতে পলাতক কয়দী দুটাৰ অনুসন্ধান আৰু ক্ষীপ্র তদন্ত আৰম্ভ কৰে। ইপিনে অসম আৰক্ষী আৰু কাৰাগাৰৰ উচ্চ পদস্থ বিষয়াৰ দল আহি বিয়লিৰ ভাগত মৰিগাঁও জিল কাৰাগাৰত উপস্থিত হৈ এই সমষ্ট ঘটনাটোৰ সম্পৰ্কত অনুসন্ধান আৰু তদন্ত আৰম্ভ কৰিছে। উল্লেখ যে শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত কলাকুছি গাঁৱৰ জিয়াৰুল ইছলামক মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাত ৰুজু হোৱা ১১৯/২০২৪ নম্বৰত এটা পক’চ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বিগত বৰ্ষৰ ২২ আগষ্টত মৰিগাঁও জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। কাৰাৰুদ্ধ হৈ থকাৰ সময়তে বিগত বৰ্ষৰ ১৩ অক্টোবৰত শাৰদীয় দুর্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে জিয়াউল ইছলামে চাইফুদ্দিন, নুৰ ইছলাম, মাফিদুল আৰু আব্দুল ৰচিদ নামৰ আন চাৰিজন কয়দী সঙ্গ চিনেমাৰ কায়দাৰে মৰিগাঁও জিলা কাৰাগাৰ সুউচ্চ দেৱাল বগাই পলায়ন কৰিছিল। পৰৱৰ্তী সময়ত মৰিগাঁও আৰক্ষীয়ে ব্যাপক অনুসন্ধান চলাই প্রায় দুমাহৰ পিছত পলাতক কয়দী জিয়াৰুলক অন্ধ্রপ্রদেশক পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। পৰবৰ্তী সময়ত মৰিগাঁৱৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ তথা পক’চ বিশেষ আদালতে জিয়াউল ইছলামক শিশু ধর্ষণ, জেলৰ পৰা পলায়ন আদিৰ গোচৰত দোষী সাব্যস্ত কৰি ২০ বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰি পুনৰ মৰিগাঁও জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। মৰিগাওঁ জিলা কাৰাগাৰৰ পৰা পুনৰ দুটাকৈ দুর্ধর্ষ কয়দী পলায়ন কৰা ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই চাঞ্চল্যকৰ ঘটনাটোৱে ৰাজ্যৰ কাৰাগাৰৰ তথাকথিত নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰাপটো উদঙাই তুলিছে। আনহাতে মৰিগাঁও জিলা কাৰাগাৰৰ ক্রুটিপূর্ণ আন্তঃগাঁথনিৰ ফলশ্ৰুতিত দহ মাহৰ ব্যৱধানত নিশাৰ ভাগত ২০ ফুট উচ্চতাত দেৱাল বগাই দুবাৰকৈ কয়দী পলাবলৈ সক্ষম হোৱা বুলি ব্যাপক চর্চা চলিছে। জঘণ্য ধর্ষণ আৰু যৌন উৎপীড়নত অভিযুক্ত দুই কুখ্যাত অপৰাধী মৰিগাঁও জিলা কাৰাগাৰৰ পৰ পলায়ন কৰা আৰু এই মুহূৰ্তলৈকে আৰক্ষীয়ে পলাতক অপৰাধী কেইটাৰ সন্ধান উলিয়াব নোৱাৰা ভীষণ আতংক আৰু নিৰাপত্তাহীনতাত ভূগিছে সংশ্লিষ্ট এলেকাৰ ভুক্তভোগী পৰিয়াল কেইটাই। পলাতক অপৰাধী কেইটাক শীঘ্ৰেই পুনৰ কৰায়ত্ব কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে উক্ত পৰিয়াল কেইটাই।