উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে আজি মনোনয়ন  দাখিল কৰিছে। মনোনয়নৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীৰ লগতে কেইবাজনো সাংসদ উপস্থিত আছিল। উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদী তেওঁৰ প্ৰস্তাৱক হিচাপেও কার্যনির্বাহ কৰিছে। ইণ্ডিয়া মিত্রজোটে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্রাক্তন ন্যায়াধীশ বি সুদর্শন ৰেড্ডীক প্রার্থী হিচাপে ঘোষণা কৰিছে। মজাৰ কথা যে এইবাৰ দুয়োজন প্রার্থী দক্ষিণ ভাৰতৰ। চি পি ৰাধাকৃষ্ণনে মনোনয়ন দাখিলৰ পূৰ্বে সংসদ পৰিসৰত থকা প্ৰেৰণা স্থলত গৈ শ্রদ্ধাঞ্জলি অর্পণ কৰে। প্ৰেৰণা স্থলত বিশিষ্ট ব্যক্তিসকলৰ প্ৰতিমূর্তি স্থাপন কৰা হৈছে। তেওঁ প্রথমে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত ফুলৰ মালা অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ উপৰিও তেওঁ ছত্ৰপতি শিৱাজী মহাৰাজ, জ্যোতিৰাও ফুলে, ৰাণী লক্ষ্মীবাই, বি আৰ আম্বেদকাৰ আৰু ভগৱান বিৰ্ছা মুণ্ডাৰ প্ৰতিমূৰ্তিতো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। এই সময়ছোৱাত ৰাধাকৃষ্ণণৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ জোশী, কিৰেন ৰিজিজু, অৰ্জুন ৰাম মেঘৱাল, ধৰ্মেন্দ্ৰ প্ৰধান, ৰাম মোহন নাইডু কিঞ্জাৰপু, এল মুৰুগন আৰু বিজেপি নেতা বিনোদ তাৱড়েও উপস্থিত আছিল।

চি পি ৰাধাকৃষ্ণনৰ জন্ম তামিলনাডুৰ তিৰুপুৰত। তেওঁ ১৯৭৪ চনত ভাৰতীয় জনসংঘৰ সৈতে তেওঁৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতেও জড়িত। তেওঁ কইম্বাটোৰৰ পৰা দুবাৰকৈ লোকসভাৰ সাংসদ নির্বাচিত হৈছে। তেওঁ তামিলনাডু বিজেপিৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ উপৰি ঝাৰখণ্ড আৰু তেলেংগানাৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। দক্ষিণ ভাৰতত বিজেপিক শক্তিশালী কৰাৰ বাবে তেওঁ যথেষ্ট কাম কৰিছে। ইণ্ডিয়া মিত্রজোঁটে প্রাক্তন ন্যায়াধীশ বি সুদর্শন ৰেষ্ট্ৰীক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। তেওঁ অন্ধ্রপ্রদেশ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ভূমিকাও পালন কৰিছে। ২০০৭ৰ পৰা ২০১১লৈ তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কার্যনির্বাহ কৰিছিল। এতিয়া ইণ্ডিয়া মিত্রজোঁটে তেওঁক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থী হিচাপে প্রতিদ্বন্দ্বিতাৰ বাবে নমাইছে। উপ-ৰাষ্ট্ৰপতি নির্বাচন ৯ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে অনুষ্ঠিত হ’ব। এই নির্বাচনক এখন আদর্শগত প্রতিযোগিতা হিচাপে দেখা হৈছে, য’ত দুয়োজন প্রার্থীৰ দক্ষিণ ভাৰতৰ পটভূমিয়ে ইয়াক অধিক আকর্ষণীয় কৰি তুলিছে।