অসম চুক্তিত এতিয়াও হোৱা নাই সম্পূৰ্ণ বিদেশী মুক্তি!
সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়
বিগত ২০২৫ বৰ্ষৰ যোৱা ১৫ আগষ্টত অসম চুক্তিৰ ৪ দশক অৰ্থাৎ ৪০ বছৰ পাৰ হ’ল। অসম চুক্তি ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ দ্বাৰা অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল আৰু ৰাজনৈতিক দল গঠন কৰি পৰৱৰ্তী সময়ত অসম চৰকাৰ গঠন কৰিছিল। কিন্তু অসম আন্দোলনত হোৱা শ্বহীদৰ তেজৰ প্ৰতিদান বৰ্তমান একবিংশ শতিকাতো যেন ৰুদ্ধ। কাৰণ একাধিক চৰকাৰ গঠন হ’ল যদিও বিদেশী নাগৰিকৰ ভাৰতবৰ্ষত অনুপ্ৰৱেশ এতিয়াও বন্ধ হোৱাৰ পৰিলক্ষিত নহয়। এনেকৈ অসম চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ দফা আজিলৈকে কাৰ্যকৰীকৰণ নোহোৱাটো সঁচাকৈ বৰ বেদনাদায়ক বিষয়। সংবাদ মাধ্যমত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱে জনোৱা অনুসৰি বিদেশী নাগৰিকৰ পৰা ৰক্ষা পাবলৈ বন্দুকৰ লাইচেন্স দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। গতিকে উত্তম পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ এই পদক্ষেপে বিদেশী মুক্ত কৰাৰ বাবে ভাৰতবৰ্ষত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব।