ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত হোৱা বেদখলক লৈ কঠোৰ স্থিতি গ্রহণ উচ্চ ন্যায়ালয়ৰ

ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত হোৱা বেদখলক লৈ কঠোৰ স্থিতি গ্রহণ উচ্চ ন্যায়ালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত হোৱা বেদখলক লৈ কঠোৰ স্থিতি গ্রহণ কৰিছে। সংৰক্ষিত বনাঞ্চলত হোৱা উচ্ছেদক প্রত্যাহ্বান জনাই তৰা কেইবাটাও গোচৰৰ শুনানি গ্রহণ কৰি এখন খণ্ড বিচাৰপীঠে আজি কেইবাটাও গুৰুত্বপূৰ্ণ নির্দেশ প্রদান কৰিছে। বিশেষকৈ ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত যাতে কোনো লোকে বেদখল কৰিব নোৱাৰে, তাৰ বাবে সঠিক ব্যৱস্থাপনা গ্রহণ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে। ইয়াৰ বাবে সংৰক্ষিত বনাঞ্চলসমূহত ফেঞ্চিং প্ৰদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক খণ্ড বিচাৰপীঠখনে নির্দেশ দিছে। সংৰক্ষিত বনাঞ্চলসমূহৰ ভূমি সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰৱেশদ্বাৰসমূহত তালাচী চকী স্থাপনৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব বুলিও বিচাৰপীঠখনে স্পষ্ট কৰি দিছে। তদুপৰি এই তালাচী চকীসমূহত দায়িত্বপ্রাপ্ত বিষয়া তথা কৰ্মচাৰীসকলে সক্রিয়ভাৱে কাম কৰিব লাগিব। যদিহে সংৰক্ষিত বনাঞ্চলসমূহত কোনো লোকে কোনো বন বিষয়া-কৰ্মচাৰীৰ অৱহেলাৰ বাবে বেআইনীভাৱে প্ৰৱেশ কৰি অকর্তৃত্বশীল কার্যকলাপত লিপ্ত হোৱাৰ সুযোগ লাভ কৰে, তেনেহ’লে সংশ্লিষ্ট বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিব পাৰিব বিভাগে। আনহাতে বিচাৰপীঠখনে বেদখল প্ৰতিৰোধৰ বাবে এটা নির্দিষ্ট সময়ৰ মূৰে মূৰে পৰ্যালোচনা আৰু পৰিদৰ্শনৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক খণ্ড বিচৰপীঠখনে নির্দেশ দিছে। লগতে বিচাৰপীঠখনে সংৰক্ষিত বনাঞ্চলসমূহ বেদখলমুক্ত কৰি ৰখাৰ বাবে নিৰৱচ্ছিন্নভাৱে চোকা নজৰ ৰাখিব লাগিব বুলিও স্পষ্ট কৰি দিছে। অৱশ্যে কোনো বনাঞ্চলত বেদখল হ’লে উচ্ছেদৰ পূৰ্বে অনুসৰণ কৰিবলগীয়া নির্দিষ্ট নীতিৰ কথাও বিচাৰপীঠখনে উল্লেখ কৰিছে। সেই অনুসৰি কি পৰিস্থিতিত বনাঞ্চলৰ ভূমি বেদখল কৰিবলগীয়া হ’ল, তাৰ বিষয়ে উত্তৰ দিবলৈ সংশ্লিষ্ট প্রশাসনে ১৫ দিনৰ সময় প্ৰদান কৰি জাননী জাৰি কৰিব লাগিব। তদুপৰি সংশ্লিষ্ট আইন অনুসৰি সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰাৰ বাবে বেদখলকাৰীক আন ১৫ দিনৰ সময় প্ৰদান কৰিব লাগিব। উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ দৈয়াং-নামবৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বিৰোধিতাৰে একাংশ লোক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ভুক্তভোগী লোকসকলৰ আবেদনসমূহৰ শুনানি গ্রহণ কৰি উক্ত গুৰুত্বপূৰ্ণ নির্দেশনাসমূহ প্ৰদান কৰাৰ লগতে বেদখলকাৰীসকলক সাত দিনৰ ভিতৰত বনাঞ্চলৰ ঘৰসমূহ খালী কৰিবলৈ চূড়ান্ত সময় দিছে উচ্চ ন্যায়ালয়ে।