চূড়ান্ত দায়িত্বজ্ঞানহীন মন্তব্য জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যৰ
ৰঙিলী বাৰ্ত্তাসেৱা- চিকিৎসক তথা চিকিৎসা কৰ্মীৰ গাফিলতি তথা দায়িত্বজ্ঞানহীনতাৰ বাবেই এহাল পিতৃ-মাতৃৰ বুকু শুদা হৈ পৰাৰ পাছতো এই মর্মান্তিক ঘটনাক এটা সাধাৰণ দুৰ্ঘটনাৰ সৈতে ৰিজালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই। চিকিৎসা কৰ্মীৰ সম্পূৰ্ণ গাফিলতিৰ বাবে এটি কণমানিয়ে প্রাণ হেৰুওৱাৰ পাছতো দুৰ্ঘটনাৰ সৈতে ৰিজনি দি অধ্যক্ষ ডাঃ বৈশ্যই কয়- এইটো এটা সাধাৰণ দুর্ঘটনা। গাড়ী দুর্ঘটনাগ্রস্ত হয়। সেইবুলি মই ৰাস্তাটো বন্ধ কৰি দিম নেকি? এৰ’প্লেন দুর্ঘটনা হোৱাৰ পাছত আন এখন উৰি গৈছে। গতিকে এইটো এটা এক্সিডেন্ট। ১৪ বছৰৰ অপেক্ষাৰ অন্তত এটা সন্তানৰ সুখ লাভ কৰিবলৈ সক্ষম হোৱা দম্পতীৰ মৰ্মবেদনাক উপলব্ধি কৰি ৰাইজে চকুপানী টোকাৰ সময়ত জিএমচিএইচৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ এখন অগ্ৰণী চিকিৎসা প্রতিষ্ঠানৰ মুৰব্বী হৈও এনেধৰণৰ দায়িত্বজ্ঞানহীন মন্তব্যই স্বাভাৱিকতে সৰ্বত্ৰ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আত্মপক্ষ সমর্থন কৰি অধ্যক্ষ ডাঃ বৈশ্যই বাৰে বাৰে একেটা কথাই ক’লে- যদি তদন্তত গাফিলতি আহে তেন্তে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল’ম। পৰিয়ালটোক কেৱল সমবেদনা জনায়ে ক্ষান্ত থকা অধ্যক্ষ ডাঃ বৈশ্যৰ মতে আজিলৈকে জিএমচিএইচত এনে ঘটনা হোৱা নাই। পৰিয়ালবৰ্গই জিএমচিএইচৰ শিশুগৃহৰ জৰাজীৰ্ণ অৱস্থাক লৈ প্রশ্ন তোলাৰ সময়তো তেওঁ কেৱল সকলো কথা নস্যাৎহে কৰিলে। তেওঁৰ মতে জিএমচিএইচৰ সমান শিশু পৰিচৰ্যা অসমৰ আন কোনো হাস্পতালত নাই। এনআইচিইউৰ ফটোথেৰাপী ইউনিটত প্রতিমাহত প্রায় এহাজাৰ নৱজাতক আহে। অধ্যক্ষগৰাকীৰ এই মন্তব্যৰ পাছত এইখিনিতে এটা প্রশ্ন উত্থাপন হৈছে যে এনআইচিইউৰ ফটোথেৰাপী ইউনিটৰ ৱাৰ্মাৰৰ বিছনাত ৪টাকৈ নৱজাতক কিয় ৰখা হৈছিল? সাধাৰণতে দুটাৰ অধিক নৱজাতক এখন ৱাৰ্মাৰৰ বিছনাত ৰখা নহয় যদিও জিএমচিএইচৰ দুৰ্ঘটনা সংঘটিত হোৱা ৱাৰ্মাৰৰ বিছনাখনত ৪টা নৱজাতক একেলগে ৰখা হৈছিল। অধ্যক্ষ ডাঃ বৈশ্যৰ মতে জিএমচিএইচত ইমানেই নৱজাতক আহে যে প্ৰতিটো ৱাৰ্মাৰত ২টাৰ পৰা ৪টালৈকে ৰাখিবই লাগিব। অধ্যক্ষৰ দৰে এটা দায়িত্বশীল পদবীত থকাৰ পাছত এইধৰণৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে মৃত নৱজাতকটোৰ পিতৃ উৎপল বৰদলৈ। তেওঁ কয় যে দেওবাৰে নিশাৰ দায়িত্বত ডাঃ পূজা শইকীয়া আছিল। বেণ্ডেজ মাৰি থোৱা বিছনাত শিশুকেইটাক ৰখা হৈছিল। অধ্যক্ষই এয়া সাধাৰণ ঘটনা বুলি কৈছে। আমি কোনো কাৰণত মানি নলওঁ। নিশা দায়িত্বত থকা সকলো কৰ্মচাৰীক শাস্তিমূলক ব্যৱস্থা দিয়াই নহয়, চাকৰিৰ পৰা বাহিৰ কৰি দিব লাগে। ইমানখিনি ঘটনা হোৱাৰ পাছতো তেওঁলোকে এয়া সাধাৰণ ঘটনা বুলি ক’বলৈ অলপো লাজ নালাগিলনে? উল্লেখ্য যে কিছুদিন পূর্বে জিএমচিএইচৰ প্ৰসূতি বিভাগৰ শিশু যতন গৃহৰ সমীপতে অগ্নিকাণ্ডৰ ঘটনাও সংঘটিত হৈছিল। সেই সময়তো সাধাৰণ অগ্নিকাণ্ড বুলিয়েই উক্ত ঘটনাক অভিহিত কৰা হৈছিল। হাস্পতালখনৰ একাংশ চিকিৎসক তথা স্বাস্থ্যকর্মী-নাৰ্ছৰ অৱহেলাৰ বাবেই এগৰাকী মাতৃৰ বুকু শুদা হ’ল। তেওঁলোকৰ দৃষ্টিত ঘটনাটো সাধাৰণ যদিও দুর্ভগীয়া পিতৃ-মাতৃহালৰ বাবে কোনো কাৰণতে এই ঘটনা সাধাৰণ হ’বই নোৱাৰে। দুৰ্ভগীয়া উৎপল বৰদলৈৰ মতে- ৯ মাহ গর্ভত কিমান কষ্টত ৰাখিছিল সন্তানটোক। কিন্তু চিকিৎসালয় কর্তৃপক্ষই শেষ কৰি দিলে। অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যৰ এনে কাণ্ডজ্ঞানহীন মন্তব্যৰ পাছতে ৰাজ্যজুৰি ৰাইজে তীব্র সমালোচনা কৰাৰ লগতে দায়িত্বজ্ঞানহীন এইগৰাকী অধ্যক্ষৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনাইছে। তদুপৰি মৃত নৱজাতকটিৰ পিতৃ উৎপল বৰদলৈয়ে এই সন্দর্ভত ভঙাগড় থানাত এটা গোচৰো দাখিল কৰে।