এয়া ভুলেই নহয় অক্ষমণীয় অপৰাধঃ মুখ্যমন্ত্ৰী

এয়া ভুলেই নহয় অক্ষমণীয় অপৰাধঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ) ৰ আইচিইউ বেডৰ পৰা পৰি নৱজাতকৰ মৃত্যু হোৱা ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা আলোড়নৰ পাছতে সোমবাৰে সন্ধিয়াৰ ভাগত জিএমচিএইচত উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। সমগ্র ঘটনাৰ প্ৰাথমিক অনুসন্ধানৰ পাছতে আইচিইউৰ দায়িত্বত থকা নাৰ্ছ ভানুপ্রিয়া মিচঙক তৎকালে কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ নিৰ্দেশ দিয়া হয়। ইফালে এই ঘটনাক লৈ দুখ প্রকাশ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এয়া এক মানবীয় ভুল। এয়া ইচ্ছাকৃত নে অনিচ্ছাকৃত তাৰ তদন্ত কৰা হ’ব। এয়া ভুলেই নহয়, অক্ষমণীয় অপৰাধ। সমগ্ৰ ঘটনা সন্দৰ্ভত মই দুখ আৰু বুজাব নোৱাৰাকৈ লাজ পাইছোঁ। জিএমচিএইচৰ অধ্যক্ষই এনে মর্মান্তিক ঘটনাৰ বাবে মৃত্যু হোৱা নৱজাতকৰ পিতৃ-মাতৃৰ ওচৰত ক্ষমা খুজিব লাগে। ইফালে, জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই আইচিইউত নৱজাতক শিশুৰ যথেষ্ট ভিৰ হোৱা বুলি কৰা মন্তব্যকো নস্যাৎ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- অধ্যক্ষই এনেধৰণৰ কথা কোৱা অনুচিত। এটা মেচিনতে ৩টাকৈ শিশুক নাৰ্ছে ৰাখিছিল। চিকিৎসালয়খনত পর্যাপ্ত মেচিন থকাৰ পাছতো একেলগে ৩টা শিশুক ৰখাটো উচিত হোৱা নাই। জিএমচিএইচত এতিয়া পূৰ্বতকৈ ৰোগী কমিছে। ৰাজ্যত এতিয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংখ্যা বৃদ্ধি হৈছে। যাৰ বাবে জিএমচিএইচত আগতকৈ ৰোগী যথেষ্ট কম হৈছে। আনহাতে, এতিয়াও জিএমচিএইচত পর্যাপ্ত চিকিৎসক থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- চিকিৎসকৰ অভাৱ হোৱা নাই চিকিৎসালয়খনত। সপ্তাহত মাত্ৰ এবাৰহে অস্ত্রোপচাৰ কৰে চিকিৎসকসকলে। বাকী সময়ছোৱা অস্ত্রোপচাৰ কৰাৰ সুযোগেই নাপায়। ইফালে সমগ্র ঘটনা সন্দৰ্ভত ৰাজ্যৰ আন চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে স্বাস্থ্য আয়ুক্ত সিদ্ধার্থ সিঙক সকলো চিকিৎসা মহাবিদ্যালয় হাস্পতাল কর্তৃপক্ষৰ সৈতে এক ভিডিঅ’ কনফাৰেঞ্চ কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। সমান্তৰালভাৱে এনেধৰণৰ ঘটনা ৰোধৰ বাবে স্বাস্থ্য বিভাগক এখন এছঅ’পি প্ৰস্তুত কৰাৰো নির্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগত বিষয়টো সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়- জিএমচিএইচৰ ঘটনাটো বৰ বেদনাদায়ক। ইতিমধ্যে ঘটনা সন্দর্ভত জিএমচিএইচৰ অধ্যক্ষৰ সৈতে ফোনযোগে বার্তালাপ কৰিছোঁ। আৰক্ষী আয়ুক্তক সমগ্ৰ ঘটনাৰ চিচি টিভিৰ ফুটেজ চাই তদন্তৰো নির্দেশ দিয়া হৈছে। যদি কোনোবাই দায়িত্ব ভালদৰে নকৰাৰ বাবে দুর্ঘটনা ঘটিল তেন্তে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব। মুখ্যমন্ত্রীয়ে আৰু কয়- জিএমচিএইচত যি ঘটনা ঘটিছে সেয়া পূর্বে হোৱা নাই। চিচি টিভি ফুটেজ পৰীক্ষা কৰিলে সকলো দিশ পৰিষ্কাৰ হ’ব। এখন তদন্ত কমিটীও ইতিমধ্যে জিএমচিএইচৰ অধ্যক্ষই গঠন কৰিছে। আইচিইউৰ বিছনাৰ পৰা পৰি যিটো শিশুৰ মৃত্যু হ’ল তাক আমি আৰু ওভতাই দিব নোৱাৰোঁ। কিন্তু পিতৃ-মাতৃক যিদৰে সান্ত্বনা দিব লাগে তাৰ বাবে মই চেষ্টা কৰিম। বিষয়টো সঁচাকৈয়ে দুখদায়ক-বেদনাদায়ক। মুখ্যমন্ত্রীয়ে কয়-অধ্যক্ষই প্ৰকাশ কৰা মতে আইচিইউত বেছি শিশু নাছিল। ২৬টি শিশু আছিল। কেনেদৰে ঘটনাটো ঘটিল তাক লৈও তেওঁলোক আচৰিত হৈছে। তথাপি সকলো কথা পৰীক্ষাৰ প্ৰয়োজন। আৰক্ষী আয়ুক্তক সকলো দিশ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ইপিনে, নৱজাতক যতন কক্ষত সংঘটিত এই দুর্ভাগ্যজনক ঘটনাক লৈ অতিৰিক্ত মুখ্য সচিব এল এছ ছাংছন, চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালক ডাঃ অনুপ বর্মন আৰু এইমছৰ শিশু ৰোগ বিশেষজ্ঞ ডাঃ জয়শংকৰৰ নেতৃত্বত এখন ৩জনীয়া তদন্ত কমিটী গঠন কৰা হৈছে।