মৰমৰ বি.এইচ  কলেজ – আয়শা ছিদ্দিকা

মৰমৰ বি.এইচ  কলেজ

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

ই মাত্ৰ কলেজ নহয়,
প্ৰতিজন বি.এইচয়ানৰ আবেগ
যাৰ বুকুৰ উমত পাইছিলোঁ
জীৱনৰ নতুন পথ,
যাৰ নীতিয়ে পঢ়াইছিল
একতাৰ কঠিন পাঠ।
প্ৰতিটো ধূসৰ অধ্যায়
ৰঙেৰে ৰঙচুৱা কৰি
নতুনকৈ দেখিবলৈ শিকাইছিল
আত্মবিশ্বাসেৰে ভৰাইছিল শূন্যতা,
সপোনেৰে সজাইছিল আগন্তুক দিনবোৰ।
মৰমৰ বি.এইচ
তুমি বৰ আদৰৰ,বৰ হেঁপাহৰ,
বৰকৈ মনত পৰে
আজিও সেই দিনবোৰ।
সেই ক্লাছৰ পিছত একগোট হৈ
ফিল্ডত হাঁহিৰ মেল পাতি
বন্ধু-বান্ধৱীৰ লগত কথাৰ মহল সজোৱা।
আৰু সেই মেইন গেটৰ ৰাস্তাৰ সিপাৰে
স্থিৰে ৰৈ থকা আবেগৰ স্তুপ আৰু
জয় জ্যোতিৰ সেই চাওমিন আৰু ম’মৰ সোৱাদ,
আস্!আজিও যেন জিভাত লাগি আছে।
একেটা চাটনিত ভাগ পতা সপোন,
একেটা টেবুলত ওলমি থকা কথোপকথন,
কেণ্টিনৰ বেঞ্চত বহি খোৱা চিঙৰাৰ লগত
ধোৱা উৰুৱা চাহ একাপৰ আমেজ
এই সকলোৰে মাজতেই
যেন গঢ়ি উঠিছিল সকলোৰে সৈতে
এজন বি.এইচয়ান বুলি আমাৰ চিনাকী ।
স্মৃতিৰ ৰঙীন পাত খিলাত আৰু
বি.এইচৰ  সেই উদাৰ হৃদয়খনত
পাইছিলো এক নতুনত্বৰ সন্ধান ।
য’ত অংকিত হৈছিল জীৱনৰ আটাইতকৈ
ৰঙীন, উজ্বল,আৰু মৰমেৰে
সজোৱা সোনালী দিনবোৰ।
নিৰৱ নিস্তব্ধ সন্ধিয়াত
ধূসৰ দিনবোৰও ৰঙীন হৈছিল
শূন্যতাত সিঁচৰিত  হৈছিল স্নিগ্ধ সুবাস,
অনুশীলনত মিশ্ৰিত হৈছিল জীৱনৰ মূল।
এতিয়াও প্ৰতিটো কথা প্রতিটো হাঁহি
চৌহদৰ প্ৰতিটো ভাজত গুঞ্জৰিত হোৱা ধ্বনি
স্মৃতিৰ ধূসৰ পাতখিলাত আবদ্ধ।
মৰমৰ বি.এইচ,
তোমাৰ হেঁপাহৰ সুঁতাৰে বোৱা সেই মধুৰ ক্ষণ
আজিও মনত পৰে
সেই ক্লাছৰ ধ্বনি, কেম্পাছৰ মনোৰম দৃশ্য
লাইব্ৰেৰীৰ নিস্তব্দ পৰিৱেশ,
ভিন্ন বৰ্ণ ভাষাৰ সমাসাৰ
জাতি ধৰ্মৰ ভেদাভেদ হীন কেম্পাছ,
একতাৰ এক জীয়া প্ৰতিচ্ছবি
আৰু চৌদিশে নিপুণ হাঁহিৰ কলৰোল।
হে মোৰ আদৰণীয় ঘৰ
তুমি কেৱল শিক্ষা নহয়,
তুমি মোৰ যুগমীয়া পৰিচয়,
তুমি মোৰ আত্মাৰ সংগী
স্মৃতিৰ প্ৰতিটো পাতত অমৰ হৈ ৰ’বা তুমি।