সদৌ অসম পায়েং অপৃণ:ৰ উদ্যোগত পদ্মশ্ৰী যাদৱ পায়েঙক সম্বৰ্ধনা

সদৌ অসম পায়েং অপৃণ:ৰ উদ্যোগত পদ্মশ্ৰী যাদৱ পায়েঙক সম্বৰ্ধনা

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম পায়েং অপৃণ: ৰ উদ্যোগত আজি অৰন্য মানৱ , পদ্মশ্ৰী যাদৱ পায়েঙক সম্বৰ্ধনা জনোৱা হয়।  পদ্মশ্ৰী তথা অৰণ্য মানৱ যাদৱ পায়েঙক সম্বৰ্ধনা জনাবলৈ আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সদৌ অসম পায়েং অপৃণ:ৰ নেত্ৰী বৃন্দই ককিলামুখৰ মোলাই কাঠনিত প্ৰকৃতিবিদজনৰ ঘৰত গৈ সম্বৰ্ধনা জনায়।  অহা ছেপ্টেম্বৰ মাহত মেস্কিক্  ভ্ৰমণ কৰিব লগা পায়েঙক আজি পায়েং অপৃণ:ৰ তৰফৰ পৰা অংগবস্ত্ৰৰে সম্বৰ্ধনা জনায় শুভেচ্ছা জ্ঞাপন কৰে। পায়েং অপৃণৰ দলটোৱে যাদৱ পায়েঙক সম্বৰ্ধনা জনাই আৰু সু-স্বাস্থ্য  কামনাৰে  তেওঁৰ মেক্সিক ভ্ৰমণ সফল হোৱাৰ কামনাৰে দঞি:পলক প্ৰাৰ্থনা জনায়।

আজি সম্বৰ্ধনা জনোৱা সদৌ অসম পায়েং অপৃণ’ৰ দলটোত  সুভাষ পায়েং, প্ৰজাপতি পায়েং, ,হেম পায়েং,,টালা গাম, কিৰণ পায়েং,দিলীপ পায়েং, পবিত্ৰ পায়েং , চন্দন আকাশ পায়েং, পংকজ বিমান পায়েং, হেমন্ত কুমাৰ পায়েং আৰু গন্দেশ্বৰ পায়েং আদিয়ে অংশগ্ৰহণ কৰে। আজি পুৱা মাজুলীৰ পৰা যোৱা দলটোৱে এখন ভট ভটী নাও লৈ ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যাদৱ পায়েঙৰ মোলাই কাঠনিত প্ৰকৃতিবিদজনৰ ঘৰত উপস্থিত হৈ উক্ত সম্বৰ্ধনা জ্ঞাপন কৰে। সদৌ অসম পায়েং অপে:ৰ সম্বৰ্ধনা গ্ৰহণ কৰি অৰন্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েঙে সকলোকে ধন্যবাদ জনায় আৰু গছ গছনি ৰক্ষা কৰি প্ৰকৃতিৰ পৰিৱেশ সন্তুলন ৰক্ষা কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে উক্ত, দলটোৰ নেতৃত্ব বহন কৰে সদৌ অসম পায়েং অপৃণ’ৰ হৈ চন্দন আকাশ পায়েং আৰু কিৰণ পায়েঙে।