স্বাধীনতা
ভাস্কৰ প্ৰিয়ম হাজৰিকা,
কৰচুং সত্ৰ,নগাঁও
পৰাধীনতাৰ বন্দীত্বৰ আঘাতে
আই হৃদয়খনৰ
কেঁচা ক্ষতত চিঞৰি উঠিছিলোঁ,
“স্বাধীনতা আমাৰ জন্মগত অধিকাৰ!”
শৰীৰৰ ৰন্ধ্ৰে-ৰন্ধ্ৰে শিপাই গৈছিল
হেৰুৱা গণতন্ত্ৰৰ স্বকীয় মৰ্যাদা।
ৰঙা ৰংবোৰ সেইবাবে প্ৰিয় আছিল…
পৰাধীনতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ,
সেইয়া গহপুৰৰ থানাত উৰিছে
গাভৰু কনকলতাৰ হাতত দেশৰ ধ্বজা।
পিতাইৰ সেউজীয়া পথাৰখন
চাহাবৰ পানীজাহাজৰ বুকুতেই লুটিছে
কঠোৰ হাতেৰে দমন কৰি,
এইয়া বগা বণিকৰ শোষণৰ ছবি।
চাবুকৰ আঘাত পিঠিত লৈ,
অসহযোগ আৰু ভাৰত-ত্যাগৰ আহ্বানত
প্ৰতিবাদত যোগ দিছোঁ
আমাক স্বাধীনতা ঘূৰাই লাগে।
আকৌ উলমিছিল ফাঁচি কাঠত
মণিৰাম, পিয়লী, কুশল কোঁৱৰ।
শ্বহীদৰ ভেঁটিবোৰ বাঢ়িব লৈছে
আইৰ বুকুত নিতালে শুই পৰিছে
ফুলিছে এপাহি ৰক্ত-জৱা।
কাৰাগাৰৰ বুকুত এতিয়া ভিৰ বাঢ়িছে,
দুচকুত ফুটি উঠিছে স্বাধীনতাৰ জয়গান।
স্বদেশী আন্দোলনে জনতাক দিছে সাহস
বাপুজীৰ সত্যবাণীৰে প্ৰতিজ্ঞা কৰিছোঁ,
এদিন আমি জয়ী হ’মেই।
৪৭ৰ মাজনিশাৰ
বিজয় উৎসৱৰ দীপ্তি,
পৰাধীনতাৰ শিকলি ছিঙি
স্বাধীন আমি,
নীলা আকাশৰ বুকুত উৰিছে শান্তিৰ নিচান।
ইতিহাসৰ বুকুত আজিও জিলিকি আছে
দেশপ্ৰেমৰ জীয়া কাহিনী।
দেশেই মোৰ সত্বা,
দেশেই মোৰ প্ৰাণ।
শ্বহীদ সকলৰ চৰণত কৰোঁ প্ৰণাম।