আমাৰ সমাজ ব্যৱস্থাত সন্তানক পঢ়ুৱাটো এটা বিনিয়োগ

ডিব্ৰুগড়ত ড°বসন্ত কুমাৰ গোস্বামী:: আমাৰ সমাজ ব্যৱস্থাত সন্তানক পঢ়ুৱাটো এটা বিনিয়োগ : উপাচাৰ্য ড০ হাজৰিকা ৫ নীতিৰ কথা কয়

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ‘আমাৰ সমাজ ব্যৱস্থাত সন্তানক পড়ুৱাটো এটা বিনিয়োগ। সন্তানে যেতিয়া এশৰ ভিতৰত এশ নম্বৰ লাভ কৰে তেতিয়া সেই ব্যৱসায় উন্নত হোৱা বুলি ধৰা হয়’। ডিব্রুগড় বিশ্ববিদ্যালয়ব লক্ষ্মীনাথ বেজবৰুৱা গ্রন্থাগাৰ, গ্রন্থাগাৰ আৰু তথ্য বিজ্ঞান কেন্দ্র, মহাবিদ্যালয় উন্নয়ন পৰিষদআৰু অসম কলেজ গ্রন্থাগাৰিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাষ্ট্রীয় গ্রন্থাগাৰিক দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। তেওঁ কয় আজিৰ অসমৰ সমাজ ব্যৱস্থাটোৰ এনে এটা দুৰৱস্থা আহিছে যে ঘৰৰ পিতৃ-মাতৃয়ে বা ঘৰৰ পৰিয়ালটোৱে এখন গ্রন্থ কিনাৰ প্রতি অনিহা প্রকাশ কৰে। প্রতিজন পিতৃ-মাতৃৰে লক্ষ্য হ’ল সন্তানে এটা ভাল জীৱিকা লাভ কৰি সুখেবে থাকক। তেওঁ ছাত্র- ছাত্রীসকলক জীৱিকামুখি হোৱাৰ কাৰণে জীৱনমুখী হ’ব পৰা নাই বুলি মত প্রকাশ কবি কয়- জীৱিকামুখি শিক্ষা ব্যৱস্থাটো হ’ল পৰীক্ষাৰ নাটকৰ শেষ দৃশ্য। নম্বৰেই শিক্ষা ব্যৱস্থাৰ মূল চাবি-কাঠি হোৱাৰ কাৰণে মুখস্থ বিদ্যাই প্রাধান্য লাভ কৰিছে। সভাপতি গৰাকীয়ে লগতে কয় নৱ প্রজন্মৰ বহু ছাত্র-ছাত্রীৰ মাজত গ্রন্থ অধ্যয়নৰ স্পৃহা আছে। অনুষ্ঠানত উপস্থিত থাকি ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ (স্বায়ত্বশাসিত) অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই কয় গ্রন্থ মানুহৰ জীৱনৰ অমৰ সংগী। গ্রন্থ কেৱল কাগজৰ টুকুৰা বা আখৰৰ সমষ্টি নহয়। ই হৈছে কালজয়ী জ্ঞান, অনুভূতি, কল্পনা আৰু সত্যৰ ভান্ডাৰ। তেওঁ কয় যে গ্রন্থক মানৱ সভ্যতাৰ হৃদয় বুলি কোৱা হয় কাৰণ গ্রন্থাগাৰসমূহ হৈছে সমাজৰ এক পৱিত্র আৰু গণতান্ত্রিক স্থান। প্রখ্যাত লেখক আলবেয়াৰ বৰ্গাছৰ মন্তব্য উল্লেখ কৰি তেওঁ কয় বৰ্গাছে গ্রন্থাগাৰসমূহক স্বর্গৰ স’তে তুলনা কৰিছিল। ড০ শইকীয়াই কয় পৃথিবীত বোধহয় এটুকুৰা ঠাই আছে য’ত নাই কোনো বৈষম্য, য’ত নাই কোনো জাতি-ধর্মব ভেদাভেদ বা নাই কোনো বাধা। তেওঁ কয় বিভিন্ন দেশত ধর্মক কেন্দ্র কৰি ভেদ, বিভেদ সৃষ্টি হ’লেও গ্রন্থাগাৰত সকলো ধর্মব গ্রন্থসমূহ একেলগে সজাই ৰক্ষা হয়। গ্রন্থাগাৰত এনে কোনো ভেদা-ভেদ বা মত পার্থক্য নাই বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয়, পৃথিবীৰ বহু শ্রেষ্ঠ গ্রন্থাগাৰত ইতিহাসব উত্থান-পতন, আৱিষ্কাৰ সংস্কাৰ সকলোকে সংৰক্ষণ কৰি ৰখা হৈছে। সেয়ে গ্রন্থাগাৰসমূহক মানুহৰ সভ্যতা-সংস্কৃতি, চিন্তা-দর্শনৰ জীৱন্ত যাদুঘৰ বুলি উল্লেখ কৰি তেওঁ কয় গ্রন্থাগাৰসমূহত কেবল অতীত সংৰক্ষণ হৈ নাথাকে, ভৱিষ্যতৰ সপোনো সংবক্ষণ হৈ থাকে। মানৱ সভ্যতাৰ ইতিহাসৰ সেতু নির্মাণ কৰা বুলি গ্রন্থাগাৰসমূহৰ ভূমিকা উল্লেখ কৰি তেওঁ কয়, একমাত্র গ্রন্থাগাৰে অতীতৰ জ্ঞানক সংৰক্ষণ কৰে আৰু বর্তমানক সমৃদ্ধ কৰে আৰু ভবিষ্যত গড়ে। ৰাষ্ট্রীয় গ্রন্থাগাৰ দিৱসৰ স্মৃতি ৰোমন্থন কৰি তেওঁ কয়, গ্রন্থ, গ্রন্থাগাৰ আৰু মানুহৰ মাজৰ পবিত্র এই বান্ধোনে মানুহৰ সমাজ উজ্জ্বল, জ্ঞানী আৰু এখন মানবীয় প্রমূলাৰে পৰিপূর্ণ ভবিষ্যত গঢ়ি তুলিব পাৰি। তেওঁ গ্রন্থক সমাজৰ আইনা, সময়ৰ ইতিহাস আৰু মনুষ্যতৰ চিন্তাধাৰাৰ সঞ্চয়শালা বুলিও মন্তব্য কৰে। অৱশ্যে সকলো গ্রন্থই এখন এখন নতুন পৃথিবীৰ কথা উল্লেখ কৰিলেও তাৰ কিছুমান গ্রন্থৰ মাত্র স্বাদ ল’ব পাৰি, কিছুমান গ্রন্থ উপভোগ কৰিব পাৰি আৰু কিছুমান গ্রন্থ হহৃদয়ত সাঁচি ৰাখিব পাৰি। তেওঁ কয়, গ্রন্থ যদিহে সৃষ্টি নহ’লহেঁতেন তেন্তে শতাব্দীৰ জ্ঞান, অভিজ্ঞতা, সংস্কৃতি আৰু মানৱতাৰ চিন্তা-দর্শন কেতিয়াও সংৰক্ষণহৈ নাথাকিলেহেঁতেন। যি জাতিয়ে গ্রন্থ অধ্যয়ন নকৰে, গ্রন্থৰ কাষ নাচাপে সেই জাতি অতীতৰ পৰাও শিক্ষা নাপায় আৰু ভরিযাতেও জ্ঞান-শিক্ষাৰ মাজেৰে আগুৱাই যাব নোৱাৰে। তেওঁ গ্রন্থক মানুহৰ শ্বাস-প্রশ্বাসৰ স’তে তুলনা কৰি কয়, মানুহে যিদৰে শ্বাস নহ’লে জীয়াই থাকিব নোৱাৰে, তেনেদৰে পুষ্টি মন আৰু সংস্কৃতিৰ বাবেও গ্রন্থ অধ্যয়ন নকৰিলে জীয়াই থাকিব নোৱাৰে। তেওঁ পোন্ধৰশ শতিকাৰ ইউৰোপত ঘটা নৱজাগৰণত গ্রন্থৰ ভূমিকাও উল্লেখ কৰে। গ্রন্থ নপড়া জাতি, সভ্যতা পৃথিৱীত কোনোদিনেই জীয়াই থাকিব নোৱাৰে বুলি সবল যুক্তি দাঙি পৃথিৱীৰ বিলুপ্ত হোৱা বহু জাতি জনগোষ্ঠী আৰু সভ্যতাৰ কথাও উল্লেখ কৰে। তেওঁ গ্রন্থ মানে চিন্তাৰ অনুশীলন বুলি উল্লেখ কৰি কয় শৰীৰৰ অনুশীলন নহ’লে যিদবে শৰীৰ দুর্বল হৈ যায় তেনেদৰে চিন্তাব অনুশীলন নহ’লে জাতি দুর্বল আৰু নিঃশেষ হৈ যায় বুলিও কয়। জীৱন, সংস্কৃতি আৰু নিজৰ পৰিচয় জীয়াই ৰাখিবলৈ গ্রন্থ অধ্যয়নৰ কোনো বিকল্প নাই বুলিও তেওঁ সদৰি কৰে। ড০ শইকীয়াই নতুন প্রজন্মক গ্রন্থ অধ্যয়নব প্রতি হেঁপাহ বৃদ্ধি কৰিবলৈও আহবান জনায়। ডিব্রুগড় বিশ্ববিদ্যালয়ব গ্রন্থাগাৰিক ডা০ উৎপল দাসে আদৰণি ভাষণ প্রদান কৰা অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ জিতেন হাজৰিকাই ৰঙ্গনাথনৰ পাঁচটা নীতি অনুকৰণ কৰি আগবাঢ়ি যাবলৈ সকলোকে আহ্বান জনায়। অনুষ্ঠানত অসম কলেজ গ্রন্থাগাৰিক সংস্থাৰ সাধাৰণ সম্পাদক ড০ বীৰেন্দ্র পাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় উন্নয়ন পৰিষদৰ সঞ্চালক ডা ৰূপম শইকীয়াই, প্রাক্তন প্রাধ্যাপক গোপাল হাজৰিকা, ড০ পৰমানন্দ মহন্তকে ধৰি বহুকেইজন মননশীল বক্তাই বক্তব্য প্রদান কৰে। উল্লেখ্য যে এই অনুষ্ঠানতে মনোহাবীদেৱী কানৈ মহাবিদ্যালয়ৰ গ্রন্থাগাৰিক যাদব জ্যোতি শইকীয়া আৰু ডিব্ৰু মহাবিদ্যালয়ৰ গ্রন্থাগাৰিক দীপিকা দাসৰ যুটীয়াভাবে ‘প্রিজার্ভেশান অব লাইব্রেৰী মেটেৰিয়েলছ’ শীর্ষক এখন গ্রন্থ উন্মোচন কৰা হয়।