বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৬০০ মাইক্র’ ট্রাইবেল বেল্ট-ব্লক সৃষ্টি কৰা হ’বঃ মুখ্যমন্ত্ৰী

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৬০০ মাইক্র’ ট্রাইবেল বেল্ট-ব্লক সৃষ্টি কৰা হ’বঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-   ষষ্ঠ অনুসূচী আৰু ট্রাইবেল বেল্ট-ব্লক দুটা পৃথক বিষয় বুলি বিটিচি নিৰ্বাচনৰ প্রাক্ষণত সৃষ্টি হৈ থকা বিতৰ্কৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কয় যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত নতুনকৈ ৬০০খন গাঁৱত মাইক্ৰ’ ট্রাইবেল বেল্ট-ব্লক সৃষ্টি কৰা হ’ব। উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই শেহতীয়াকৈ ষষ্ঠ অনুসূচী আৰু ট্রাইবেল বেল্ট-ব্লক থাকিব নোৱাৰে বুলি কৰা মন্তব্যক লৈ যথেষ্ট প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিষয়টোক লৈ নিখিল বড়ো ছাত্র সন্থা, চমুকৈ এবছুৱে ক্ষোভ প্রকাশ কৰি স্পষ্ট কৰিছিল যে ট্রাইবেল বেল্ট-ব্লকক লৈ আমি কেতিয়াও আপোচ নকৰোঁ। বিটিআৰত জনজাতীয় আৰু অজনজাতীয় লোকৰ অধিকাৰ ২০০৩ চনৰ চুক্তিত স্পষ্টভারে উল্লেখ আছে। বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত সৃষ্টি হোৱা এনে বিতর্কক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়- ট্রাইবেল বেল্ট-ব্লক ভাঙি দিয়াৰ কথা সপোনতো ভবা নাই। এই কথাক লৈ বিতর্ক হ’ব নালাগে। মুখ্যমন্ত্রী ড° শৰ্মাই কয়- এবছুৰ সভাপতি দ্বীপেন বড়োৰ লগত মই একমত। বিজেপি চৰকাৰ অসমত থকা ১০ বছৰ হ’ল। এই সময়ছোৱাত ক’তো ট্রাইবেল বেল্ট-ব্লক ভঙা নাই। ইয়াৰ পৰিৱৰ্তে অসমত ৬০০খন গাঁৱত নতুনকৈ মাইক্র’ ট্রাইবেল বেল্ট-ব্লক সৃষ্টি কৰাৰ প্ৰস্তাৱহে চৰকাৰৰ ওচৰত আছে। নিৰ্বাচনৰ পূৰ্বে এই বেল্ট-ব্লকসমূহ কৰা হ’ব। ট্রাইবেল বেল্ট-ব্লক ভাঙি দিয়া দূৰৰ কথা, ৬০০ মাইক্র’ বেল্ট-ব্লক বনোৱাৰ কামহে আমি হাতত লৈছোঁ। গতিকে বিষয়টো কোনোবাই নির্বাচন আছে কাৰণে উলিয়াই আছে। মই এটা কথাই কৈছোঁ যে অসম চৰকাৰে কোনো ট্রাইবেল বেল্ট-ব্লক ভাঙি দিয়াৰ কথা সপোনতো ভবা নাই। এই কথাটোক লৈ বিতর্ক হ’ব নালাগে। যি কথা চৰকাৰে কৰা নাই, সেই কথালৈ বিতর্ক হ’ব নালাগে।