২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনক লৈ আশাবাদী ভাৰত
ৰঙিলী বাৰ্ত্তাসেৱা- সুদীর্ঘ ২০ বছৰৰ পাছত পুনৰ ভাৰতত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ। বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি লাভ কৰাৰ পাছত ভাৰতে আনুষ্ঠানিকভাবে ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। ভাৰতৰ এই দাবীক আনুষ্ঠানিকভাবে অনুমোদন জনালে ভাৰতীয় অলিম্পিক সন্থাই। দিল্লীত অনুষ্ঠিত আইঅ’এৰ বিশেষ সাধাৰণ সভাত এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে। ফলত ২০৩০ চনত ভাৰতত কমনৱেলথ গেমছ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পাইছে। অৱশ্যে ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত নিবিদা দাখিল কৰিব লাগিব। ভাৰতত অন্তিমবাৰৰ বাবে কমনবেলথ গেমছ অনুষ্ঠিত হৈছিল ২০১০ চনত। উক্ত চনত দিল্লীত কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল। অৱশ্যে এইবাৰ যদি ভাৰতে গেমছ আয়োজনৰ দায়িত্ব লাভ কৰে তেন্তে সেয়া হ’ব আহমেদাবাদত। ভাৰতীয় অলিম্পিক কমিটীৰ যুটীয়া সম্পাদক কল্যাণ চৌবেই কয় যে শীঘ্রে কমনৱেলথ গেমছৰ সম্পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰা হ’ব। ইতিমধ্যে কানাডাই নিজৰ নাম প্রত্যাহাৰ কৰাত ভাৰতৰ সম্ভাৱনা বৃদ্ধি পাইছে। ভাৰতৰ উপৰি নাইজেৰিয়া আৰু দক্ষিণ আফ্রিকায়ো ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ প্রস্তাৱ আগবঢ়োৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ কমনৱেলথ স্প’ৰ্টছৰ এটা প্রতিনিধি দল আহমেদাবাদলৈ গৈ আন্তঃগাঁথনি পৰিদৰ্শন কৰে। দলটোত আছিল গেমছৰ সঞ্চালক ডেৰেন হল। গুজৰাটত চৰকাৰী বিষয়াৰ সৈতে এক বৈঠকতো অংশগ্ৰহণ কৰে। জানিব পৰা মতে এই মাহতে এটা বৃহৎ প্রতিনিধি দল পুনৰ ভাৰতলৈ আহিব। নৱেম্বৰৰ শেষৰ ফালে ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজকৰ নাম ঘোষণা কৰা হ’ব। যদিহে কমনৱেলথ গেমছ ভাৰতত অনুষ্ঠিত হয় তেতিয়াহ’লে সকলো খৰচ চৰকাৰে বহন কৰিব লাগিব।