ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  পুৱা ক্ষেত্ৰীত সংঘটিত হ’ল এক শোকাৱহ দুৰ্ঘটনা। ক্ষেত্ৰীৰ ৰাজপথত শেষ হৈ গ’ল দুটি জীৱন। হাঁহি -ধেমালিৰে ৰহা অভিমুখে ৰাওনা হোৱা পৰিয়ালটো গন্তব্য স্থান পাবলৈ কিছু বাট থকাৰ পূৰ্বে শেষ হৈ গ’ল সকলো। ক্ষেত্ৰীৰ চক্ষুৰাত আজি পুৱা প্ৰায় ৬ বজাত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য। জানিব পৰা মতে মঙলদৈৰ  পৰা মাৰুতি S-CROSS বাহনত ৰহা অভিমুখে আহি আছিল পৰিয়ালটো। সেইসময়তে ক্ষেত্ৰীৰ চক্ষুৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰৰ মাজত থকা এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে বাহনখনে। দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ আছিল AS 01 ET 2351।  দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় ৰহা আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু তেওঁৰ পত্নী অৰ্চনা শৰ্মা।  আনফালে এতিয়া গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত সংকটজনক অৱস্থাত  জীৱন-মৃত্যুৰে যুঁজি আছে তেওঁলোকৰ একমাত্ৰ কন্যা কৃপালিনী গাৰ্গ।মৃত গজেন্দ্ৰ মোহন দেৱ শৰ্মাই চলাই গৈছিল বাহনখন, আনফালে সন্মুখৰ চীটত বহি আছিল মহিলাগৰাকী। দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে ক্ষেত্ৰী যান-বাহন আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়।

দুৰ্ঘটনা ইমানে ভয়ংকৰ আছিল যে গাড়ীখনৰ সম্পূৰ্ণভাৱে চূৰ্ণ-বিচূৰ্ণ হৈ গৈছিল।চূৰ্ণ-বিচূৰ্ণ হৈ যোৱা বাহনৰ মাজত প্ৰায় ৫ ঘণ্টা ধৰি আবদ্ধ হৈ ৰৈছিল দুয়োৰে মৃতদেহ। ক্ষেত্ৰী আৰক্ষী আৰু  Fire & Emergencyৰ লোকে অভিযান চলাই উদ্ধাৰ কৰে মৃতেদহ। ইতিমধ্যে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে।জানিব পৰা মতে, নিহত দম্পত্তীহালৰ ঘৰ মঙলদৈৰ মেনাপাৰাত ।কিন্তু ৰহাত থাকিবলৈ লৈছিল পৰিয়ালটোৱে। শনিবাৰে মঙ্গলদৈৰ মেনাপাৰাৰ নিজ গৃহলৈ আহিছিল পৰিয়ালটি। সোমবাৰে ছিপাঝাৰৰ অৰ্ধনাৰীশ্বৰ মন্দিৰত পূজা আগবঢ়াইছিল গজেন্দ্ৰ মোহন দেৱ শৰ্মা পৰিয়ালে।সোমবাৰে পূজা আগবঢ়াই নিশা শহুৰৰ ঘৰতে আছিল পৰিয়ালটো। আজি পুৱতি নিশা প্ৰায় ৩:৩০ মান বজাত পাতিদৰঙৰ শহুৰৰ ঘৰৰ পৰা ৰহা অভিমুখে ৰাওনা হৈছিল। জানিব পৰা অনুসৰি কন্যা কৃপালিনী গাৰ্গৰ আজি পুৱা স্কুল থকাৰ বাবেই পুৱতি নিশাই ৰহালৈ ৰাওনা হৈছিল। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চূড়ান্ত হেমাহিৰ ফলতেই এই দুৰ্ঘটনা হোৱাৰ অভিযোগ ৰাইজৰ। উত্থাপিত অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবেই প্ৰতিদিনে উক্ত স্থানত সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।