প্ৰেমামৃত
জাহ্নৱী বৰা,
যোৰহাট
নিশাবোৰ যিমানেই গভীৰ হৈ আহিছে ক্ৰমশঃ,
সিমানেই যেন তোমাৰ প্ৰেম কবিতাই মোৰ হৃদয়ত ছন্দৰ লহৰ তুলিছে…
সিদিনা যে নৈৰ পাৰৰ বালিৰ চাপৰিৰ
কঁহুৱানিৰ আঁৰ লৈ দুয়ো একেলগে বহিছিলোঁ,
তোমাৰ সিক্ত নয়নযুৰিৰ চাৱনিয়ে,
মোৰ হৃদয়খনত আহি প্ৰেমৰ ৰাগি তুলিছিল…
দুয়ো দুয়োৰে প্ৰেমৰ মাদকতাত বিলীন হৈ পৰিছিলোঁ….
মনৰ মাজত হেজাৰ বিজাৰ কঁহুৱাই হালি জালি নাচোনৰ ৰোল তুলিছিল..
দূৰণিৰ পৰা উৰি আহি বালিচাপৰিত পৰা
কপৌহালেও যেন আমাক প্ৰেমৰ মাদকতা দেখি লাজতে মুখ ঢাকিছিল…
তোমাৰ লিহিৰি আঙুলিৰ স্পৰ্শত,
সম্বিৎ পাই বাস্তৱৰ পৃথিৱীলৈ ঘূৰি আহি দেখোঁ,
তোমাৰ হাঁহি বুলোৱা গোলাপৰ পাহি যেন ওঁঠ দুটিয়ে
তেতিয়াও যেন মোৰ ওঁঠৰ উষ্ম প্ৰেমামৃত পান কৰাত বিলীন হৈ আছে….।