স্বাধীনতাৰ ক্ষেত্ৰত সীমাবদ্ধতা বা বাধানিষেধৰ প্ৰয়োজনীয়তা
পৰিস্মিতা বৰুৱা
স্বাধীনতাৰ ক্ষেত্ৰত কিছুমান সীমাবদ্ধতা বা বাধানিষেধৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ দ্বাৰা সমাজত শৃংখলা বজায় ৰখাৰ লগতে আনৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰি। সীমাবদ্ধতা বা বাধানিষেধ বিহীন পৃথিৱী বাসোপযোগী হ’ব নোৱাৰে। প্ৰত্যেকখন সমাজত বাস কৰা প্ৰত্যেকজন ব্যক্তিৰ বিভিন্ন চিন্তা -ধাৰাৰ বাবে স্বাধীনতাৰ ক্ষেত্ৰত সীমাবদ্ধতা বা বাধানিষেধৰ প্ৰয়োজনীয়তা আহি পৰিছে। সকলো ক্ষেত্ৰতে আমি মুক্ত বুলি ভবাটো স্বাধীনতা নহয়। এখন সমাজ গঢ়ি উঠাৰ বাবেও কিছুমান সীমাবদ্ধতা বা বাধানিষেধৰ প্ৰয়োজন হয়। আমি এখন সমাজত বাস কৰি যদি সমাজৰ কিছুমান নীতি-নিয়ম মানি নচলি নিজ ইচ্ছা মতেই সমাজৰ নীতি-নিয়ম ভংগ কৰি জীৱনযাপন কৰো তেতিয়া হ’লে সেইটো কেতিয়াও স্বাধীনতা বুলি কব নোৱাৰি। নিজ ইচ্ছা মতেই কাৰোবাক শাসন আৰু শোষণ কৰা,হাই-কাজিয়া কৰি শব্দ প্ৰদূষণ কৰা, বায়ু প্ৰদূষণ, পানী প্ৰদূষণ,মাটি প্ৰদূষণ কৰা আদি কেতিয়াও ব্যক্তি স্বাধীনতাক নুবুজায়। আনৰ একো ক্ষতি নকৰি নিজৰ স্বাধীনতা বজায় ৰখা উচিত। কিন্তু যেতিয়া কোনো ব্যক্তিৰ কাৰ্যয়ে আনক ক্ষতিগ্ৰস্ত কৰে,তেতিয়া সেই স্বাধীনতা সীমিত কৰা প্ৰয়োজনীয়তা আহি পৰে। যুক্তিপূৰ্ণ সীমাবদ্ধতা মানি চলাৰ অভ্যাস গঠন মানৱ জীৱনৰ গুৰুত্বপূৰ্ণ আহিলা।