অসমীয়া জাতিক চূড়ান্ত অপমান কৰা ইউটিউবাৰ চুমি আখতাৰাক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া জাতিক অশ্লীল গালি-গালাজেৰে চূড়ান্ত অপমান কৰা তথাকথিত ইউটিউবাৰ চুমী আখতাৰ অৱশেষত পৰিল আৰক্ষীৰ জালত। ইউটিউবাৰ চুমীয়ে যোৱা দুদিন ধৰি সামাজিক মাধ্যমত অসমীয়া জাতিক অশ্লীল গালি-গালাজ কৰি তুচ্ছ-তাচ্ছিল্যৰে চূড়ান্ত অপমান কৰিছিল। আনকি চুমীয়ে অসমীয়া জাতিক মেটেকাৰে তুলনা কৰি চৰম অপমান কৰিবলৈও কুণ্ঠাবোধ নকৰিলে। ইয়াকে লৈ স্থানীয় অঞ্চলকে ধৰি সমগ্ৰ ৰাজ্যতে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতেই স্থানীয় ৰাইজে চুমীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল। অৱশেষত আজি দুপৰীয়া লাহৰীঘাট আৰক্ষীয়ে চুমীক গৰৈমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পূৰ্বৰে পৰা বৰচলা পটুৱাকাটা গাঁৱৰ চুমীয়ে সামাজিক মাধ্যমযোগে বিতর্কিত পোষ্ট দি সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছে। বর্তমান বিতর্কিত চুমীক লাহৰীঘাট থানাত সোধা-পোছা অব্যাহত ৰাখিছে। সামাজিক মাধ্যমত চৰম বিতর্কিত মন্তব্য কৰা চুমীক গ্ৰেপ্তাৰৰ পিছতেই স্থানীয় ৰাইজে আৰক্ষীক ধন্যবাদ জনায়।