সংযোগ
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
সম্পৰ্কৰ শিৰদণ্ড হ’ল সংযোগ। সেই সংযোগ যিটো মনৰ গভীৰতা, হৃদয়ৰ স্পন্দন আৰু আত্মাৰ ভাষাৰে গঠিত। শাৰীৰিক নিকটতা নহয়, মানসিক সংলগ্নতাহে সম্পৰ্কৰ প্ৰকৃত পৰিচালক। যেতিয়া কথোপকথন নিস্তব্ধ হয়, অনুভৱবোৰ অব্যক্ত হৈ ৰয়, আৰু সময় দিয়াবোৰ এৰাই যোৱা অভ্যাস হৈ পৰে—তেতিয়াৰ পৰাই সম্পৰ্কটো জীয়াই থকাৰ অভিনয় মাত্ৰ হৈ পৰে।একপক্ষৰ আগ্ৰহ, চেষ্টা, অনুভৱে কোনো সম্পৰ্ক সজীৱ ৰাখিব নোৱাৰে। সম্পৰ্ক সদায় দুয়োপক্ষৰ মনোজগতৰ আন্তঃসম্পর্কত নিৰ্ভৰশীল।
যিজনে সঁচাকৈয়ে মৰম কৰে, তেঁও সংযোগ বিচাৰে আৰু যিজন উদাসীন, তেঁও নিঃশব্দে সম্পৰ্কক সময়ৰ বিস্মৃতিত ঠেলি দিয়ে। সংযোগহীনতা মানে অস্তিত্ব আছে, অথচ প্ৰাণ নাই; সম্পৰ্ক থাকে, কিন্তু স্পন্দনশূণ্য—জীৱন্ত দেহত মৃত আত্মাৰ দৰে।