ৰাখী বন্ধনৰ পবিত্ৰ মুহূৰ্ত – বিশ্বজিৎ বৈশ্য

Pc Facebook

ৰাখী বন্ধনৰ পবিত্ৰ মুহূৰ্ত

বিশ্বজিৎ বৈশ্য
বংশৰ (শুৱালকুছি)

ৰাখী বন্ধন উৎসৱটি আমি শাওণ মাহৰ পূণিমা তিথিত পালন কৰো। এই উৎসৱটি ভাতৃ আৰু ভগ্নী বাবে এটা বিশেষ পবিত্ৰ দিন। কিয়নো সেই ৰাখীডালৰ মাজত বান্ধ খাই থাকে ভাতৃ আৰু ভগ্নীৰ মাজৰ মৰম-চেনেহ, আত্মীয়তা, একতা, শ্ৰদ্ধা, আৰু দায়িত্ববোধ। সেইবাবে কোৱা হয় ৰাখী মাথোন এডাল ৰঙীন সুতা এ নহয় ই এক মৰমৰ বান্ধোন।বৰ্তমান আমাৰ সমাজত ৰাখী বন্ধনৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়ি গৈ আছে । আজিকালিৰ দিনত ৰাখী বন্ধনৰ বিশেষ গুৰুত্ব থকা দেখা যায়, কাৰণ দূৰত বাস কৰা ভাই- ভনীসকলৰ বাবে এই ৰাখী বন্ধনত লগ কৰাতো সম্ভৱ হৈ নুঠে। কিন্তু এই ৰাখী বন্ধনৰ সময়চোৱাত ইজনে সিজনক শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে।