‘নিযুত মইনা-২.০’ৰ প্ৰ-পত্ৰ বিতৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে

‘নিযুত মইনা-২.০’ৰ প্ৰ-পত্ৰ বিতৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ উচ্চ শিক্ষা আহৰণৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অসম চৰকাৰৰ এক অভিলাষী পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ২০২৫-২৬ বৰ্ষৰ বাবে ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা-২.০’ আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। আঁচনিখনৰ অধীনত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্রীসকলে মাহে ১000 টকাকৈ, স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰীসকলে ১,২৫০ টকাকৈ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰীসকলে ২,৫০০ টকাকৈ লাভ কৰিব। নিযুত মইনা আঁচনিখনক ৰাজ্যৰ ছাত্রীসকলে আকাশ স্পৰ্শ কৰাৰ আকাংক্ষাক বাস্তৱায়িত কৰা এক অভিলাষী আঁচনিৰূপে অভিহিত কৰি ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই আঁচনি সম্পর্কে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আলাপ-আলোচনা হৈছে। কিন্তু ইয়াৰ দ্বাৰা উপকৃত হোৱা ছাত্ৰীসকলৰ বক্তব্যই আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে চৰকাৰক অনুপ্রাণিত কৰিছে। বিগত বৰ্ষত এই আঁচনি মাথোঁ ৰাজ্যিক বিশ্ববিদ্যালয় তথা প্রাদেশীকৃত মহাবিদ্যালয়সমূহৰ মাজতহে সীমাবদ্ধ আছিল। আঁচনিখনে বহন কৰা বিশাল সামাজিক পৰিৱৰ্তনৰ গুৰু দায়িত্বৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ইয়াৰ অধীনত ৰাজ্যৰ দুয়োখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় ক্রমে অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়কো সামৰি লোৱা হৈছে। বিগত বৰ্ষত এই আঁচনিয়ে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহত উপলব্ধ মাচুল পৰিশোধ কৰি শিক্ষাগ্রহণ কৰিবলগীয়া পাঠ্যক্রমসমূহক সামৰি লোৱা নাছিল। কিন্তু এইবাৰ এইসমূহ পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীসকলকো আঁচনিখনৰ অধীনত সামৰি লোৱা হৈছে। বিগত বৰ্ষত এই আঁচনিয়ে ১.৬০ লাখ ছাত্ৰীক উপকৃত কৰাৰ বিপৰীতে এই বছৰ আঁচনিখনৰ বৰ্ধিত পৰিসৰলৈ লক্ষ্য ৰাখি ই প্রায় ৪ লাখ ছাত্ৰীক সামৰি ল’ব বুলি অনুমান কৰা হৈছে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে এইবাৰ নিযুত মইনা আঁচনিয়ে উচ্চতৰ মাধ্যমিক প্রথম আৰু দ্বিতীয় বর্ষ, স্নাতক প্রথম আৰু দ্বিতীয় বর্ষ তথা স্নাতকোত্তৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰীসকলক সামৰি ল’ব। পৰৱৰ্তী বৰ্ষত ইয়াৰ অধীনত স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰীসকলকো সামৰি লোৱাৰ লগে লগে উচ্চতৰ মাধ্যমিকৰ পৰা বিশ্ববিদ্যালয় স্তৰৰ ১০০ শতাংশ কন্যা শিক্ষার্থীয়েই ইয়াৰ আওতালৈ আহিবলৈ সক্ষম হ’ব বুলি তেওঁ কয়। ক্রমান্বয়ে আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰি ৰাজ্যৰ ১০ লাখ বা ১ নিযুত ছাত্ৰীৰ জীৱনত এক ইতিবাচক প্রভাৱ পেলোৱাটোৱেই নিযুত মইনা আঁচনিৰ মূল লক্ষ্য বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে এই আঁচনিয়ে অভিভাৱকসকলক নিজৰ কন্যা সন্তানৰ অধ্যয়নৰ খৰচৰ পৰা মুক্ত কৰি সেই পুঁজি পুত্র সন্তানৰ উচ্চ শিক্ষাত ব্যয় কৰিব পৰাৰ সামৰ্থ্য প্রদান কৰিব। মুখ্যমন্ত্রী ড° শর্মাই কয় যে আঁচনিখনৰ সুফল স্বৰূপে বিগত বৰ্ষৰ তুলনাত এইবাৰ উচ্চতৰ মাধ্যমিক, স্নাতক তথা স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ হাৰ যথেষ্ট বৃদ্ধি পোৱাৰ লগতে দ্বিতীয় বৰ্ষত ছাত্ৰীৰ আধাতে শিক্ষা ত্যাগ কৰাৰ প্ৰৱণতাৰো প্রায় অবসান ঘটিছে। ছাত্ৰ-ছাত্ৰীৰ সার্বজনীন বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা প্রদান কৰা অসমেই দেশৰ একমাত্ৰ ৰাজ্য হিচাপে এতিয়া কৃত্রিম বুদ্ধিমত্তা সঁজুলিৰ তথ্যতো স্বীকৃত হৈছে বুলি তেওঁ মন্তব্য কৰে। বিনামূলীয়া নামভৰ্তি আঁচনিৰ প্ৰভাৱ অতি সুদূৰপ্ৰসাৰী হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্যৰ বিভিন্ন স্থানত লগ পোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বক্তব্যৰ পৰা ইয়াৰ গুৰুত্বৰ কথা উপলব্ধি কৰিব পাৰিছোঁ। বিনামূলীয়া নামভর্তি আঁচনিৰ অবিহনে অসমৰ উচ্চ শিক্ষা প্রতিষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ হাৰ ২০ শতাংশ পর্যন্ত হ্রাস পালেহেঁতেন।

একেদৰে ৰাজ্য চৰকাৰে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাচুল ৰেহাই দিয়াৰ প্ৰসংগও সদৰী কৰি তেওঁ কয় যে ৰাজ্যৰ আৰ্থিক অৱস্থাৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে ভৱিষ্যতেও চৰকাৰে সম্ভৱপৰ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি যাব। নিযুত মইনা আঁচনিৰ জৰিয়তে চৰকাৰে ৰাজ্যৰ ভৱিষ্যৎ গঢ়াৰ হিতাধিকাৰী নিৰ্মাণ কৰিছে। এই হিতাধিকাৰীসকলে নিজৰ জ্ঞান আৰু প্ৰজ্ঞাৰে ভৱিষ্যতৰ সমাজখনক আলোকিত কৰিব। ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্রতিখন আঁচনিয়ে জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলো শ্ৰেণীৰ শিক্ষাৰ্থীক সামৰি লৈছে। ৰাজ্য চৰকাৰে সকলো ছাত্র-ছাত্ৰীৰ বাবে সম্ভাৱনা আৰু সম্পদৰ দুৱাৰ মুকলি কৰি দিছে। তেওঁ কয় যে নিত্যনতুন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সৃষ্টিৰ জৰিয়তে ৰাজ্য চৰকাৰে অসমৰ পৰা সম্ভাৱনাময় প্রতিভাৰ বহির্গমন ৰোধ কৰাত বহুদূৰ সক্ষম হৈছে। আইআইটিৰ পৰা এইম্‌লৈকে, ৰাষ্ট্ৰীয় ফৰেনছিক বিশ্ববিদ্যালয়ৰ পৰা ইণ্ডিয়ান ইনষ্টিটিউট অব মাইন্‌লৈ, সৈনিক স্কুলৰ পৰা নবোদয় বিদ্যালয়লৈকে, কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা আদর্শ বিদ্যালয়লৈকে প্রতিখন ৰাষ্ট্ৰীয় প্রতিষ্ঠান অসমৰ বুকুত মুকলি কৰাৰ মাধ্যমেৰে যোৱা এটা দশকত অসমৰ শিক্ষাখণ্ডৰ ব্যাপক সম্প্ৰসাৰণ কৰিবলৈ ৰাজ্য চৰকাৰ সক্ষম হৈছে। জনসংখ্যা অনুপাতে বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ ঘনত্বৰ ক্ষেত্ৰত আজি অসমে দেশৰ প্ৰথম দহখন ৰাজ্যৰ ভিতৰত স্থান পাবলৈ সক্ষম হৈছে। উদ্যোগ ৪.০ আৰু নতুন শিক্ষানীতিৰ আলমত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক আধুনিক শিক্ষাৰে সুসজ্জিত কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। প্ৰস্তাৱিত কনকলতা বিশ্ববিদ্যালয়ত এই দিশত বিশেষ গুৰুত্ব প্রদান কৰা হ’ব বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰে। তেওঁ কয় যে ৰাজ্যত বৰ্তমান ১৪খন চিকিৎসা মহাবিদ্যালয় কার্যক্ষম হৈ আছে আৰু ইয়াৰ সংখ্যা ২৫খনলৈ বৃদ্ধিৰ দিশে আগবাঢ়িছে। সেইদৰে ২৫খনৰো অধিক বিশ্ববিদ্যালয় আৰু ৪ শতাধিক মহাবিদ্যালয়ে আজি জ্ঞানৰ পোহৰ বিলাইছে। ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ শিক্ষার্থীৰ বাবে যাতে আর্থিক অনগ্ৰসৰতা শিক্ষাগ্রহণৰ অন্তৰায় হ’ব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে একাধিক প্রচেষ্টা গ্ৰহণ কৰিছে। ৰাজ্যৰ বহুকেইখন জিলাৰ লগতে চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহৰ কন্যাসকলে বাল্যবিবাহ আৰু কম বয়সতে মাতৃত্বৰ বোজা বহন কৰিবলগীয়া পৰিস্থিতিত উদ্বিগ্নতা প্রকাশ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো এই ভয়াৱহ দিশটোৰ প্ৰতি আমাৰ সমাজ তথা চৰকাৰ উদাসীন হৈ আছিল। নিযুত মইনা আঁচনিখন এইক্ষেত্রত এখন প্ৰতিবাদৰ আঁচনি বুলি তেওঁ মন্তব্য কৰে। বাল্যবিবাহ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিগত চাৰিটা বছৰত বাল্যবিবাহৰ লগত জড়িত ১২ হাজাৰৰো অধিক ব্যক্তিক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে বহুকেইগৰাকী ব্যক্তিক ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰেও দণ্ডিত কৰিছে। চৰকাৰৰ এই কঠোৰ পদক্ষেপৰ ফলত সম্প্ৰতি ৰাজ্যখন বাল্যবিবাহৰ পৰা মুক্ত হোৱাৰ পথত আগবাঢ়িছে। এই অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ড° ননীগোপাল মহন্ত, গুৱাহাটী মহানগৰৰ জিলা আয়ুক্ত সুমিত সাত্তাৱন, উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক পমী বৰুৱা, মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক মমতা হোজাই, এছচিইআৰটিৰ সঞ্চালক ড° নিৰদা দেৱী প্ৰমুখ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্র-ছাত্রীসকল উপস্থিত থাকে। আনহাতে, বহুকেই গৰাকী মন্ত্ৰী-বিধায়কৰ উপৰি বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্র-ছাত্রীসকলে ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে এই কাৰ্যসূচীত অংশগ্রহণ কৰে।