মনৰ কথা
অভিজিৎ বৰা ,কলিয়াবৰ ,নগাওঁ
হিন্দী চিনেমাৰ কবিৰ সিং ৰ
দৰে খঙাল প্ৰেমীক বা
মদাহী হ’ব নোৱাৰাৰ
বাবে মই তোমাৰ প্ৰিয়
মানুহ জন হ’ব নোৱাৰিলোঁ নেকি বাৰু?
তোমাৰ পদূলীৰ শেৱালী জোপালৈ
মন কৰিবা চোন ।
মই শেৱালী ফুল ভাল পাও
তাৰ সুগন্ধ বাবে হে
ফুল বুটলী ভাজি খাবলৈ নহয় ।
শেৱালী জোপাৰ কিমান দুখ তুমি জানানে ?
সুগন্ধত আমোল মোল নিশা ফুলা তাইৰ
শুকুলা কোমল পাহী
সহিব নোৱাৰি কিৰণ উজ্জল চাৱনী
দুবৰিৰ বুকুত ভেজা দি চাই
নিয়ৰৰ চেঁচা টোপাল বুকুত বান্ধী ।।