দুখীয়া হ’লেও এটা সুন্দৰ সপোন আছে
প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা,ছয়গাঁও
বনিয়াপাৰা,ছয়গাঁও
আমাৰ সকলোৰে এটা সপোন থাকে কিবা এটা কৰাৰ বা কিবা এটা হোৱাৰ। আমাৰ সকলোৰে সৰুৰ পৰা এটা সপোন থাকে এজন ভাল মানুহ হোৱা, এজন ভাল মানুহ হৈ সমাজৰ বাবে ভাল ভাল কাম কৰাৰ। আমি সেই সপোন বুকুত বান্ধি জীৱন বাটত আগবাঢ়ি গৈ আছো। ইয়াৰে হয়তো কিছুমানৰ সপোন পূৰণ হৈছে আৰু কিছুমানে সপোনৰ পিছত দৌৰি আছে। আমি যদি জীৱনত এজন সফল মানুহ হব বিচাৰো তেন্তে আমি সকলোৱে সপোন দেখা উচিত আৰু সেই সপোন পূৰণ কৰাৰ কাৰণে চেষ্টা চলাই যাব লাগে। যাৰ জীৱনত কোনো লক্ষ্য নাই কোনো সপোন নাই তেতিয়া হলে সেই ব্যক্তিয়ে কেতিয়াও সফল হব নোৱাৰে। আমি সপোন দেখা উচিত আৰু সপোন পূৰণৰ কাৰণে সপোনৰ পিছত দৌৰি থাকিব লাগিব। কিছুমান মানুহৰ সপোনবোৰ দুখীয়াৰ কাৰণে আধা বাটতে সামৰিব লগা হয় আৰু কিছুমান ধনী মানুহে সপোনবোৰ টকাৰে কিনি হল। কিন্তু এনেকুৱা বহুত দুখীয়া মানুহ আছে যিসকলে থমকি নাথাকে আৰু সপোন পূৰণ দিখে আগবাঢ়ি গৈ থাকে আৰু এটা সময়ত তেওঁলোকে সফল হয়।