জাতিৰ পিতা মহাত্মা গান্ধীৰ বিষয়ে চমুকৈ
ছেলিমা বেগম
নগাঁও
জাতিৰ পিতা মহাত্মা গান্ধীৰ বাপুজীৰ জন্ম হৈছিল – ২ অক্টোবৰ ১৮৬৯ চনত পোৰবন্দৰ গুজৰাট ৰাজ্যত ২ অক্টোবৰৰ দিনটোত গোটেই ভাৰতবৰ্ষত গান্ধী জয়ন্তী পালন কৰা হয় ৷তেখেতৰ সৎ পচেষ্টাৰ দ্বাৰা আমাৰ ভাৰতবৰ্ষ ইংৰাজৰ হাতত পৰা মুক্তি লাভ কৰে ৷আমি ভাৰতবাসী আজি স্বাধীন হৈ থাকিব পাৰিছোঁ ৷গান্ধী জয়ন্তী দিনটোত আমি ভাৰতবাসী তেখেতক জন্মদিনটো শ্ৰদ্ধাৰে পালন কৰোঁ ৷
গান্ধীজীয়ে বিলাতৰ পৰা ঘুৰি আহি পোনতে ওকালতি আৰাম্ভ কৰে। তাৰ কিছু দিনৰ পিছত তেখেতে আফ্ৰিকা লৈ যায়। তাতেই তেখেতৰ ৰাজহুৱা জীৱনৰ কাম আৰম্ভ কৰে। সেই সময়ত আফ্ৰিকাত থকা ভাৰতৰ লোকসকলৰ ওপৰত ইংৰাজ সকলে নানাধৰণৰ অত্যাচাৰ চলাইছিল। সেয়ে ইংৰাজ সকলে মহাত্মা গান্ধীক ভাল চকুৰে চোৱা নাছিল। ইয়াৰ কিছু দিনৰ পিছত গান্ধীজী পুনৰ ভাৰতলৈ ঘুৰি আহিছিল ।সেই সময়ত ভাৰতবৰ্ষত ইংৰাজ সকলে শাসন কৰিছিল। ইংৰাজ সকলে দেশৰ শাসনৰ নামত প্রজাৰ ওপৰত নানান অত্যাচাৰ আৰু বিভিন্ন ধৰণৰ শাস্ত্ৰী দিছিল। গান্ধীজীয়ে এই অত্যাচাত দেশৰ স্বাধীনতাৰ বাবে ১৯৩১ খ্ৰীষ্টাব্দত লোণ, আইন অমান্য, ভাৰত ত্যাগ আন্দোলন আদিত মোহনদাস কৰমচাত গান্ধীজীয়ে অংশ গ্ৰহণ কৰিছিল। ইংৰাজ সকলে চকুৰ সন্মূখত ভাৰতৰ মানুহৰ ওপৰত অত্যাচাৰ দেখি ইংৰাজ সকলক নিজ দেশৰ পৰা বহিষ্কাৰ কৰিলে। বৃটিছ চৰকাৰে ক্ষমতা নিজৰ হাতলৈ আনি ভাৰতৰ মানুহৰ ওপৰত অত্যাচাৰ দেখি মহাত্মা গান্ধীয়ে বহু বাৰ আন্দোলন কৰে আৰু এই আন্দোলনৰ ইতিহাস ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে লিপিবদ্ধ কৰা হৈছিল। বৃটিছ সকলক খেদি পঠিয়াই দিবলৈ কিমান যে যুদ্ধ কৰিছিল নিজৰ জীৱনৰ মূল্যত কৈ দেশৰ মূল্য বেছি আছিল তাৰ প্ৰমাণ দেখুৱাই মানুহৰ মাজত শান্তি স্থাপন কৰাত আগভাগ লৈছিল আৰু যুদ্ধৰ বাবে সদায় জপিয়াই পৰিছিল যিকোনো প্ৰকাৰে বৃটিছৰ হাতত বন্দী হৈ থকা বিভিন্ন আঁচনি নিজৰ হাতলৈ নিবলৈ উঠি পৰি লাগে সময়ত এদিন সফলতা লাভ কৰে। ক’ত বাৰ আন্দোলন গঢ়ি তুলিছিল আৰু সেই আন্দোলনত ক’ত যে ভাৰতৰ মানুহ শ্বহীদ হৈছিল এই কথা আমি কোৱা নাই ইতিহাস কৈছে।
মহাত্মা গান্ধীৰ নেতৃত্বত আমি ভাৰতৰ মানুহ আজি পৰ্যন্ত স্বাধীনতা লাভ কৰিছোঁ আৰু স্বাধীন মনে মুক্ত আকাশৰ তলত থাকিব পাৰি জীৱন নিৰ্বাহ কৰিছোঁ সঁচাই এনে আদৰ্শ ব্যক্তি এজনৰ বাবে আমি তেখেতৰ জন্ম দিনটো শ্ৰদ্ধাৰে সুঁৱৰি তেখেতৰ বিদেশী আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।
১৯৪৮ চনত নথোঁৰাম গডডে নামৰ এজন ব্যক্তিৰ হাতত প্ৰণ আহুতি দিছিল আৰু নিজৰ দেশৰ বাবে শ্বহীদ হৈছিল।