পলাশবাৰীস্থিত ত্ৰিমূৰ্তি ধঁপাত কোম্পানীয়ে অনুজ্ঞাপত্ৰ অবিহনে বাহাল ৰাখিছে উৎপাদন

পলাশবাৰীস্থিত ত্ৰিমূৰ্তি ধঁপাত কোম্পানীয়ে অনুজ্ঞাপত্ৰ অবিহনে বাহাল ৰাখিছে উৎপাদন

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিৰ উপৰহালীস্থিত ত্ৰিমূৰ্তি ধঁপাত কোম্পানীয়ে অনুজ্ঞাপত্ৰৰ সময়সীমাৰ ম্যাদ উকলি যোৱাৰ পাছতো উৎপাদন বাহল ৰখা কাৰ্য্যই এতিয়া সমষ্টিবাসীৰ মাজত ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ সকলোৰে মাজত চৰ্চা কোনে কিমান টকা কমিচন পায় বহিৰাগত ত্ৰিমূৰ্তি ধঁপাত কোম্পানীৰ পৰা ? পলাশবাৰী সমষ্টিৰ উপৰহালীস্থিত ত্ৰিমূৰ্তি ধঁপাত কোম্পানী মাৰাত্মক দুৰাৰোগ্য কেঞ্চাৰ বেমাৰৰ বাহক নেকি?শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ ব্যাপক প্ৰদুষণৰ গৰাহত পলাশবাৰীৰ উপৰহালীবাসী ৷ কোম্পানীটোৰ গাতে লাগি আছে উপৰহালীৰ দখলা গাওঁৰ স্থানীয় লোকৰ আবাসী ঘৰ সমূহ,কোম্পানীৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক দ্ৰব্য সমূহে খেতিপথাৰ সমূহ বিনষ্ট কৰাৰ উপক্ৰম হৈছে ৷ ধৰ্ণা,প্ৰতিবাদ কৰিও কোনো সুফল পোৱা নাই স্থানীয় ভুক্তভোগী ৰাইজে ৷

 

কাৰ আশীৰ্বাদত বলীয়ান একাংশ বহিৰাগত কোম্পানী,পলাশবাৰী সমষ্টিৰ কোন শক্তিশালী নেতাই বৰপীৰা পাৰি দিছে এই ধঁপাত উদ্যোগটোক, সাংবাদিকে প্ৰশ্ন কৰিলে অসভ্য আচৰণ কৰে কোম্পানীটোৰ কৰ্তৃপক্ষই ৷ অনুজ্ঞাপত্ৰ অবিহনে চলিছে বহিৰাগত ত্ৰিমূৰ্তি ধঁপাত কোম্পানীটোক কোন ৰাজনৈতিক নেতাই ৰক্ষণাবেক্ষণ দিছে ৷এফালৰ পৰা পলাশবাৰী সমষ্টিৰ বনাঞ্চল,মাটিভেঁটি,পথাৰ বহিৰাগত পুজিপতি হাতত যোৱাৰ পাছত এইবাৰ মাৰাত্মক কেঞ্চাৰ বেমাৰৰ লগত যুঁজিব লাগিব নেকি পলাশবাৰীবাসীয়ে , উল্লিখিত যে পৰৱৰ্তীসময়ত স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, বিধায়ক হেমাংগ ঠাকুৰীয়া,খাদ্য সুৰক্ষা বিভাগ তথা প্ৰশাসনে এই কোম্পানীটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়৷