বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হোৱাৰ দিশে আগবাঢ়িছে ভাৰতঃপ্রধানমন্ত্রী মোদী

ট্রাম্পৰ ‘মৃত অৰ্থনীতি’ক তীব্র কটাক্ষ , বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হোৱাৰ দিশে আগবাঢ়িছে ভাৰতঃপ্রধানমন্ত্রী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  পাকিস্তান আৰু পিঅ’কেৰ নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ ঘাটিত ভাৰতীয় সশস্ত্র সেনাই চলোৱা অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত প্ৰথমবাৰৰ বাবে নিজ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হৈ পাকিস্তানক পুনৰ সকীয়নি দিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ।  এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীৰ সেৱাপুৰীৰ বনাউলী গাঁৱত ২১৮৩.৪৫ কোটি টকাৰ ৫২ টা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কৃষকৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২০ তম কিস্তিও মুকলি কৰে তেওঁ। উত্তৰ প্ৰদেশৰ বাৰাণসীত এক বিশাল সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ লক্ষ্ণৌত নির্মিত ক্ষেপণাস্ত্র ব্রাহ্মোছৰ প্ৰসংগৰে কয়- লক্ষ্ণৌত নিৰ্মিত অস্ত্ৰৰ জৰ্জননিত নিদ্ৰাহৰণ হৈছে পাক সন্ত্রাসবাদীৰ। পাকিস্তানে পুনৰ পাপ কৰিলে এই অস্ত্ৰৰে সন্ত্রাসবাদীক হত্যা কৰা হ’ব। বাৰাণসীৰ পৰা পাকিস্তানক সকীয়নি দি প্রধানমন্ত্রী মোদীয়ে দেশৰ প্ৰতিৰক্ষা শক্তিকো ভূয়সী প্রশংসা কৰে। অপাৰেচন সিন্দুৰৰ সময়ত সমগ্ৰ বিশ্বই ভাৰতত নিৰ্মিত অস্ত্ৰৰ ক্ষমতা দেখিছে। আমাৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা, ক্ষেপণাস্ত্ৰ আৰু ড্রোন আত্মনিৰ্ভৰ ভাৰতৰ শক্তি বিশ্বই দেখিছে বুলিও কয় প্রধানমন্ত্রীয়ে। ইপিনে মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ অৰ্থনীতিক মৃত অর্থনীতি হিচাপে সমালোচনা কৰা বিষয়ত প্রতিক্রিয়াও ব্যক্ত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰতৰ উজ্জীৱিত অর্থনীতিক প্রশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰে কৃষকক আগবঢ়াই নিয়াৰ লগতে ক্ষুদ্র উদ্যোগ আৰু সংস্থাপন খণ্ডত গ্ৰহণ কৰা আঁচনিৰ বিষয়েও উল্লেখ কৰে। দেশৰ অৰ্থনৈতিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শক্তিশালী নীতি গ্রহণ কৰিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়-বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিৰ দিশে আগবাঢ়িছে ভাৰত। ইপিনে পৱিত্ৰ ভূমি বাৰাণসীত সমাবেশ সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অপাৰেচন সিন্দুৰৰ সফলতা ভগৱান শিৱৰ চৰণত অর্পিত কৰা বুলিও কয়। পেহেলগামত পাক সন্ত্রাসবাদীয়ে ২৬ নিৰীহক বৰ্বৰতাৰে হত্যালীলা চলোৱাৰ প্ৰত্যাঘাত হিচাপে ভাৰতীয় সশস্ত্র বাহিনীয়ে অপাৰেচন সিন্দুৰ চলায়। এই সফলতাৰ বাবে মহাদেৱৰ আশীৰ্বাদ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অপাৰেচন সিন্দুৰৰ সফলতা ভগৱানৰ চৰণত অর্পণ কৰা বুলি কয়।