১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ নন্দিনী কাশ্যপক

১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ নন্দিনী কাশ্যপক

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত সংঘটিত হোৱা হিট এণ্ড ৰান গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী নন্দিনী কাশ‍্যপক ১৪ দিনৰ ন‍্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে যোৱা ২৫ জুলাইৰ পুৱতিনিশা দক্ষিণগাঁৱৰ ৰাজপথত অভিনেত্রী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ পৰৱৰ্তী সময়ত হাস্পতালত মৃত্যু হৈছিল নলবাৰীৰ ছামিউল হক নামৰ যুৱকজনৰ। আৰক্ষীয়ে যোৱা ২৯ জুলাইত নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিছিল। আদালতে দুদিনৰ আৰক্ষী জিম্মাত অভিনেত্ৰীগৰাকীক প্ৰেৰণ কৰিছিল।  শুক্ৰবাৰে জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছতে পুনৰ আদালতত অভিনেত্ৰীগৰাকীক হাজিৰ কৰা হয়। উল্লেখ্য যে আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক আৰু কিছুদিনৰ বাবে নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন কৰিছিল যদিও আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ অভিনেত্রী নন্দিনী কাশ্যপক প্ৰেৰণ কৰে। ইপিনে নিম্ন ৰক্তচাপত ভুগি কিছু অসুস্থ হৈ পৰা নন্দিনী কাশ্যপৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি চিকিৎসকে সদৰী কৰিছে। ঘটনাটোক লৈ আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ সময়তে নন্দিনীৰ হিট এণ্ড ৰান গোচৰৰ দালালি কৰি ৰোষত পৰিছে এজন গৃহৰক্ষী জোৱান। দিছপুৰ থানাত কৰ্মৰত প্রাক্তন গৃহৰক্ষী জোৱানজন হামিদ আলী বুলি জানিব পৰা গৈছে। বিগত প্রায় ১৫ বছৰ ধৰি দিছপুৰ থানাৰ যান-বাহন শাখাত কৰ্তব্যৰত হামিদ আলীয়ে এমভিআইৰ ৰিপ’ৰ্টৰ নামত বহু ধন দাবী কৰাৰ অভিযোগ সম্প্রতি উত্থাপন হৈছে। শেহতীয়াকৈ দুর্ঘটনাটোৰ পাছত মৃত ছামিউল হকৰ মোমায়েক জেহেৰুল হকক গোচৰটো উঠোৱাৰ বাবে হেঁচা প্রয়োগ কৰিছিল বুলি অভিযোগ উঠিছে। এই সন্দর্ভত এটা ফোনকল সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে দিছপুৰ আৰক্ষীয়ে হামিদ আলীক কৰায়ত্ত কৰি জেৰা অব্যাহত ৰাখিছে। অৱশ্যে হামিদ আলীয়ে গোচৰ উঠাই ল’বলৈ কোনোধৰণৰ হেঁচা ছামিউল হকৰ পৰিয়ালক দিয়া নাছিল বুলি স্পষ্ট কৰিছে মোমায়েক জেহেৰুল হকে। সম্পর্কত ভাগিনীয়েক হামিদ আলীয়ে গোচৰটোৰ ক্ষেত্ৰত সহায় কৰিম বুলিহে তেওঁক প্রতিশ্রুতি দিছিল। গোচৰ উঠাবৰ বাবে কোনোধৰণৰ হেঁচা কেতিয়াও প্রয়োগ কৰা নাছিল বুলি তেওঁ লগতে কয়।