২৯ আগষ্টত অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- অহা ২৯ আগষ্টত অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনৰ তথ্য সদৰী কৰি কয়- কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ২৯ আগষ্টত গুৱাহাটীত উপস্থিত হোৱাৰ পাছত নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক ৰাজভৱনটো আনুষ্ঠানিকভাবে মুকলি কৰিব। আনহাতে, দ্বিতীয়টো কার্যসূচী হিচাপে এনডিএৰ নিৰ্বাচিত পঞ্চায়ত প্রতিনিধি আৰু শুভাকাংক্ষীসকলক লৈ এক সভাত তেওঁ অংশগ্ৰহণ কৰিব। এনডিএৰ পঞ্চায়ত অভিৱৰ্তনখনত গৃহমন্ত্রী অমিত শ্বাহে ভাষণ প্রদান কৰিব। সন্ধিয়া ৫ বজাত তেওঁ প্রাক্তন মুখ্যমন্ত্রী প্রয়াত গোলাপ বৰবৰাৰ জন্ম শতবার্ষিকী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব। উল্লেখ্য যে খাৰঘুলি পাহাৰৰ পুৰণি বেলিভিউ হোটেলৰ স্থানতেই এই নতুনকৈ ৰাজভৱনটো অত্যাধুনিক সা-সুবিধা থকা দেশৰ ভিতৰতেই আকর্ষণীয় ৰাজভৱন নিৰ্মাণ কৰা হৈছে। ইফালে পঞ্চায়ত অভিৱর্তনত এনডিএৰ গাঁওসভাৰ সদস্যৰ পৰা জিলা পৰিষদৰ সদস্যলৈকে সকলোৱে উপস্থিত থাকিব বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে, মুখ্যমন্ত্রী ড° শর্মাই কয় যে ৰাজ্য চৰকাৰে পঞ্চায়তৰ লগতে প্ৰতিখন গাঁৱত এখন সমবায় সমিতি গঠনৰ সিদ্ধান্ত লৈছে। এই সমবায়ৰ জৰিয়তে গাঁওসমূহত খালী হৈ পৰি থকা মাটিসমূহত কৃষি কাম অথবা মৎস্য উৎপাদন-ডায়েৰী ফাৰ্মৰ কামত ব্যৱহাৰ কৰা হ’ব। মাটি খালী পৰি থাকিলে বেদখল হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। ওৰাঙত আজি খালী মাটি দখল কৰিবলৈ বহু মিঞা মুছলমান লোক জমা হৈছে। প্রশাসনে ইয়াক উচ্ছেদ কৰে। সেয়েহে গাঁও পঞ্চায়তসমূহৰ সমান্তৰালকৈ প্রত্যেক গাঁৱত যুৱকসকলক লৈ সমবায় সমিতি গঠন কৰা হ’ব। ইয়াৰ জৰিয়তে খালী ভূমি তথা চৰকাৰী ভূমিসমূহ সমবায়ে চৰকাৰৰ পৰা নিম্নতম মূল্যত ভাৰাত লৈ তাত কৃষিকার্য কৰা হ’ব। যিহেতু অমিত শ্বাহ সমবায় মন্ত্রী, তেওঁ এই বিষয়ত পঞ্চায়ত প্ৰতিনিধিৰ সৈতে আলাপ-আলোচনা কৰিব।