ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ  ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস ১ আগষ্টত উদযাপন কৰা হয়।প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হলিৰাম ফুকনে আৰু স্মৃতি তৰ্পণ কৰে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতি অসমৰ সভাপতি লনাথ চৌখামে। দুয়োগৰাকী ব্যক্তিয়ে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা আৰু ইয়াৰ সৈতে জৰিত লোকসকলৰ অৱদান আৰু কৰ্মৰাজি সম্পৰ্কে বক্তব্য প্ৰদান কৰা লগতে ছাত্ৰ ছাত্ৰী , শিক্ষক শিক্ষয়িত্ৰী সকলক নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰা বাবে আহ্বান জনায়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈয়ে আদৰণী ভাষণ দিয়া অনুষ্ঠানটোত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমীৰ সভাপতি চান্দ কুমাৰ গোহাঁইয়ে শিক্ষানুষ্ঠানখনৰ শৈক্ষিক আৰু সামাজিক দায়িত্ব সম্পৰ্কে গ্ৰহণ কৰা ভূমিকা বিষয়ে নিজৰ ভাষণত প্ৰকাশ কৰে।মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ৰঞ্জন চাংমাইয়ে শিক্ষাৰ্থী সকলৰ অধ্যয়ন আৰু অধ্যৱসায়ৰ ওপৰত গুৰুত্ব দিবলৈ শিক্ষাৰ্থী সকলৰ প্ৰতি আহ্বান জনায়।ডিব্ৰুগড় কানৈ বাণিজ্য মহবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড:খনিন্দ্ৰ মিশ্ৰ ভাগৱতী, চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক চন্দ সেনাপতিয়ে ছাত্ৰ ছাত্ৰী সকলৰ উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ লগতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ বিষয়ে উল্লেখ কৰে। শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমী শৈক্ষিক বিষয়া যাদৱ গগৈয়ে আঁতধৰা অনুষ্ঠানটোত চলিত বৰ্ষত কলা,বাণিজ্য,বিজ্ঞান শাখাত মহাবিদ্যাল়খনৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰা ক্ৰমে কলা শাখাত ভায়লিনা সোণোৱাল,বাণিজ্যত চানি দে আৰু বিজ্ঞান শাখাত ৰক্তিম দত্তক মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি প্ৰয়াত শিৱ কুমাৰ দত্তৰ সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰা হয়। শিৱ দত্ত পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ পৰিবাৰ মঞ্জুলা শইকীয়াই নগদ দহ হাজাৰকৈ ধন, স্মাৰক,মানপত্ৰ আৰু গামোচাৰে অভিনন্দন জনায় । ড০ ৰঞ্জন চাংমাই, ড০ খনিন্দ্ৰ মিশ্ৰ ভাগৱতী, অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ লোহিত শইকীয়া,পৰিচালনা সমিতিৰ উপদেষ্টা যুগলতা গোহাঁই গগৈ,হিৰণ্য কুমাৰ সেনাপতিৰ লগতে প্ৰতিষ্ঠা দিৱসত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া,দুয়োখন শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।এই অনুষ্ঠানতে মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈয়ে ৰাজনীতি বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ কৰা ভায়লিনা সোণোৱালক নগদ তিনি হাজাৰ টকা প্ৰদান কৰে।প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীৰ অন্তত নৱাগতা আদৰণী সভা অনুষ্ঠিত হয় আৰু প্ৰাক্তন শিক্ষয়িত্ৰী ৰূপনন্দা দত্তই গীত পৰিৱেশন কৰি অনুষ্ঠানটো শুভাৰম্ভ কৰে।ছাত্ৰ ছাত্ৰীসকলে বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে।সন্ধিয়া মহাবিদ্যালয়ৰ চৌহদত আঠাইশ গছি বন্তি প্ৰজ্বলন কৰা হয়।